নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৯টা সন্তান প্রসৱেৰে ছ’চিয়েল মিডিয়াত চর্চিত এগৰাকী মহিলা

নিয়মীয়া বাৰ্তা ৭ মেঃ মালিৰ এগৰাকী মহিলাই ৯টা সন্তান প্রসৱেৰে ছ’চিয়েল মিডিয়াত ব্যাপক চর্চা লাভ কৰিছে৷ প্রাৰম্ভিক অৱস্থাত ৭টা সন্তান জন্ম দিয়াৰ সম্ভাৱনা আছিল যদিও মালিৰ ২৫ বছৰীয়া হালিমা চিছে চিকিৎসালয়ত ৯টা সন্তান প্রসৱ কৰিলে৷ ৯টাকৈ সন্তান জন্ম দিয়া বিশ্বৰ ভিতৰতে বিৰল ঘটনা বুলি প্রকাশ কৰিছে চিকিৎসকসকলে৷

২৫ বছৰীয়া মালিৰ মহিলাগৰাকী উন্নত চিকিৎসাৰ বাবে মৰক্কো চিকিৎসালয়ত ভর্তি হয় আৰু ইয়াতেই নিৰাপদে ৯টা সন্তান জন্ম দিবলৈ সক্ষম হয়৷ মৰক্কো চৰকাৰে প্রকাশ কৰা মতে, মহিলাগৰাকী আৰু সদ্যোজাত আটাইকেইটা সন্তান সুকলমে আছে৷ চিকিৎসালয়ে প্রকাশ কৰা মতে, মহিলাগৰাকীয়ে প্রসৱ কৰা ৯টা সন্তানৰ ভিতৰত ৫ কন্যা আৰু ৪ ল’ৰা সন্তান৷ বর্তমান মৰক্কোৰ চিকিৎসালয়ত থকা মহিলাগৰাকী কেইসপ্তাহমানৰ পিছতে মালিলৈ ঘূৰি যাব৷

You might also like