নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চীনত নতুন ভাইৰাছৰ প্রাদুর্ভাৱঃ লাংগিয়া তথা লেভ ভি ভাইৰাছত আক্রান্ত চীনৰ ছেনদং আৰু হেনান প্রদেশত ৩৫ৰো অধিক লোক

নিয়মীয়া বাৰ্তা, ১১ আগষ্টঃ চীনৰ য়ুহান প্রদেশত ক’ভিড–১৯ ভাইৰাছৰ প্রাদুর্ভাৱে মানৱ জাতিক বিপর্যয়লৈ ঠেলি দিয়াৰ পাছত এইবাৰ পুনৰ চীনত নতুন ভাইৰাছৰ প্রাদুর্ভাৱ ঘটিছে৷ দেশখনৰ ছেনদং আৰু হেনান প্রদেশত প্রাণীজাত নতুন ভাইৰাছত আক্রান্ত লোক চিনাক্ত হৈছে৷ ইতিমধ্যে দুয়োখন প্রদেশত নতুন ভাইৰাছটোত আক্রান্ত হোৱা লোকৰ সংখ্যা ৩৫জনৰো অধিক হৈছে৷ দেশখনৰ পূব প্রান্তৰ দুখন প্রদেশত নতুনকৈ প্রাদুর্ভাৱ ঘটা এই ভাইৰাছটো প্রাণীৰ পৰা মানৱ দেহলৈ সংক্রমিত হৈছে৷ ৩৫তকৈ অধিক লোকৰ দেহত ধৰা পৰা নতুন ভাইৰাছটোৰ নাম হৈছে ন’ভেল লাংগিয়া হেনিপা ভাইৰাছ, চমুকৈ লেভভি৷ ইয়াক লাংগিয়া বুলিও কোৱা হৈছে৷ এই ভাইৰাছত আক্রান্ত হ’লে ৰোগীজনৰ দেহত জ্বৰ, কাহ আৰু এলাহ ভাব জন্মে৷

চীনৰ চৰকাৰী গ্ল’বেল টাইমছত প্রকাশিত তথ্য মতে দুই প্রদেশত লেভভিত আক্রান্ত হোৱা ৰোগীৰ ক্ষেত্রত এতিয়াও বিশেষ গুৰুতৰ সংকট নামি অহা নাই৷ গতিকে ইয়াক লৈ বেছি শংকিত হোৱাৰ দৰকাৰ নাই৷ তাৎপর্যপূর্ণ যে য়ুহান প্রদেশত ক’ভিড–১৯ ভাইৰাছ প্রাদুর্ভাৱ হোৱাৰ সময়তো চীনে এইধৰণৰ মন্তব্য আগবঢ়াইছিল৷ ইয়াৰ পৰিপ্রেক্ষিতত চীনত নতুনকৈ প্রার্দুভাৱ ঘটা লাংগিয়া তথা লেভভি ভাইৰাছক লৈ দেশখনৰ মন্তব্য ৰহস্যজনক৷ বিজ্ঞানীসকলে প্রকাশ কৰা মতে এই ভাইৰাছটো স্তন্যপ্রাণীৰ দেহত প্রাকৃতিক ভঁৰাল হিচাপে থাকে৷ কুকুৰ প্রায় ৫ শতাংশ আৰু ছাগলী প্রায় ২ শতাংশ এই ভাইৰাছটোত আক্রান্ত হোৱাৰ তথ্য আছে৷ এই ভাইৰাছটো প্রাণীৰ পৰা সহজতে মানৱ শৰীৰলৈ সংক্রমিত হ’ব পাৰে৷

You might also like