নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বৰ অন্যতম সুন্দৰী ক্রিকেটাৰ, কইনাৰ সাজতো হাতত ল’লে বেট-বল

বিশেষ বাৰ্তা, ১৭ মেঃ অলপতে বিয়াত বহিছে পাকিস্তানৰ মহিলা ক্রিকেটাৰ কাইনাত ইমতিয়াজ। বিশ্বৰ অন্যতম সুন্দৰী ক্রিকেটাৰসকলৰ তালিকাত আছে কাইনাতৰ নাম। ক্রিকেটৰ সৈতেই প্রথম প্রেম হৈছিল তেওঁৰ, সেয়ে বিয়াৰ থীমো আছিল ক্রিকেট। যোৱা ৩০ মার্চত ৱাকাৰ উদ্দিনৰ সৈতে হোৱা বিয়াৰ ফটো ছ’চিয়েল মিডিয়াত প্রকাশ কৰিছে কাইনাতে। কাইনাতৰ বিয়াৰ ফটোতো দেখা গৈছে ক্রিকেটৰ ছাঁয়া। ৰঙা পোশাকত খেলুৱৈগৰাকীক বৰ শুৱাইছিল।

তেওঁ নিজেই জনাইছে, এই ধৰণৰ থীমত বিয়া পতাৰ ইচ্ছা বহুদিনৰ পৰা আছিল। সেই স্বপ্ন পূর্ণ হৈছে। কোনো ফটোত খেলুৱৈ কইনাক দেখা গৈছে বেট লৈ ঠিয় দিয়া। কোনো ফটোত আকৌ বেট-বল দুয়োটাই আছে। বেট কৰাও দেখা যায়। কাইনাতক বিয়াৰ পাছত তেওঁক শুভেচ্ছা জনাইছে অলেখ সতীর্থ-অনুৰাগীয়ে। পাকিস্তানৰ ৰাষ্ট্ৰীয় দলত ২০১০ চনত অভিষেক হয় কাইনাতৰ। প্রথমে টি ২০ দলত সুযোগ পায় আৰু পাছৰ বছৰ অভিষেক ঘটে এদিনীয়াত। কাইনাতৰ জীৱনত ঝুলন গোস্বামীৰ অবদান ৰৈছে। ২০০৫চনত এছিয়া কাপ খেলাৰ সময়ত ঝুলনৰ সৈতে দেখা হৈছিল কাইনাতৰ। তেওঁক দেখিয়েই ক্রিকেটাৰ হোৱাৰ স্বপ্ন দেখা আৰম্ভ কৰিছিল।

You might also like