নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুন্দৰীৰ পৰা বিয়াৰ প্ৰস্তাৱ পাই লাজতে ৰঙা পৰিল এইজন ক্ৰিকেটাৰ

বিশেষ বাৰ্তা, ১৩ মেঃ পাকিস্তানী ক্ৰিকেটাৰ ইমাম উল হকক লাইভ শ্ব’ত এগৰাকী ধুনীয়া ছোৱালীয়ে ৰাজহুৱাভাৱে প্ৰপজ কৰাত লাজত ৰঙা-চিঙা হৈ পৰে ক্ৰিকেটাৰজন। তাতোকৈ আমোদজনক কথাটো হ’ল এই প্ৰস্তাৱৰ উত্তৰ মাকৰ ওপৰত এৰি দিয়ে ক্ৰিকেটাৰজনে। ভিডিঅ’ক্লিপটো ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত। আচলতে পাকিস্তানৰ অ’পেনাৰ বেটছমেনজনে এটা টিভি শ্ব’ত অংশগ্ৰহণ কৰিছিল। তাতে দৰ্শকৰ মাজত বহি থকা এগৰাকী ধুনীয়া ছোৱালীয়ে ইমামক বিবাহৰ প্ৰস্তাব দি ক’লে– আপুনি মোক বিয়া কৰাবনে? এই কথা শুনি ইমাম উল হকে হাঁহিবলৈ ধৰিলে। ইমামে কয় – মোৰ মায়ে ইয়াৰ উত্তৰ ভালকৈ দিব পাৰিব। তেওঁক সোধাহে বেছি ভাল হ’ব। ছোৱালীজনীয়ে পুনৰ কয়– যদি আপুনি হা কৰে তেন্তে মই সকলোৰে লগতে কথা পাতিব পাৰোঁ। উল্লেখণীয় যে, ইমাম পাকিস্তানৰ প্ৰাক্তন অধিনায়ক তথা মুখ্য নিৰ্বাচক ইঞ্জামম উল হকৰ ভতিজা। তেওঁ পাকিস্তানৰ ক্ৰিকেট দলৰ এটা প্ৰধান অংশ।

You might also like