নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আর্জেণ্টিনাৰ মূর্তিক লৈ বিশ্বজুৰি কৌতূহলঃ কান্দিলে তেজ ওলায় ‘ভার্জিন অৱ দ্য মিষ্টিক ৰোজ’ৰ

নিয়মীয়া বাৰ্তা, ১৬ মে’: ‘ভার্জিন অৱ দ্য মিষ্টিক ৰোজ’ নামেৰে এটা আশ্চর্য মূর্তি আছে আর্জেণ্টিনাৰ উত্তৰ–পশ্চিম প্রান্তৰ মেটান চহৰত৷ চহৰখনৰ ফ্রিয়াছ পৰিয়ালৰ ঘৰত আছে এই মূর্তিটো৷ মূর্তিটো চাবলৈ প্রতিদিনে হাজাৰ হাজাৰ লোকৰ সমাগম ঘটে ফ্রিয়াছ পৰিয়ালত৷ ২০১৭ চনৰ আৰম্ভণিৰে পৰা খবৰৰ শিৰোনাম হৈ পৰে এই মূর্তি৷ ইয়াৰ মূল কাৰণ হৈছে এই মূর্তিটোৱে সকলো সময়তে কান্দি থাকে৷ কিন্তু কন্দাৰ সময়ত পানী নহয়, মূর্তিটোৰ চকুৰ পৰা নিগৰি থাকে তেজ৷

মূর্তিটোৰ মালিক তথা ফ্রিয়াছ পৰিয়ালৰ মুৰব্বী ৰোছানা মেন্দোজা ফ্রিয়াছে সমগ্র ঘটনাৰ ভিডিঅ’ কৰি প্রথমে মানুহক দেখুওৱাৰ পিছত এতিয়া বিশ্বজুৰি চর্চালৈ আহিছে মূর্তিটো৷ ৰোছানাৰ ভিডি’ত দেখিবলৈ পোৱা গৈছে মূর্তিটোৰ মুখমণ্ডল ৰঙা হৈ আছে৷ দেখিলেই ধাৰণা কৰিব পাৰি যে মূর্তিটোৰ চকুৰ পৰা তৰল ৰঙা পদার্থ বাহিৰ হৈছে৷ লক্ষণীয়ভাৱে দীর্ঘদিন ধৰি ফ্রিয়াছ পৰিয়ালত মূর্তিটো আছে যদিও ২০১৭ চনৰ পৰাহে এই বিৰল ঘটনা দেখিবলৈ পোৱা গৈছে৷ এতিয়া এই ভার্জিন অৱ দ্য মিষ্টিক ৰোজ বিভিন্ন মহলৰ বাবে হৈ পৰিছে কৌতূহলৰ বিষয়বস্তু৷

You might also like