স্বাস্থ্য মন্ত্রালয়ৰ উদ্বেগজনক তথ্য, ভাৰতত প্রতি ১ লাখত এজনৰ ক’ৰোনাত মৃত্যু
দেশত মাত্র চাৰিটা দিনতে ক’ভিড–১৯ পজিটিভৰ সংখ্যাই অতিক্রম কৰিব ৫ লাখ
নিয়মীয়া বাৰ্তা, ২৪ জুনঃ প্রাণঘাতী ক’ভিড–১৯ বা ক’ৰোনা ভাইৰাছ মহামাৰীত বিশ্বজুৰি সংক্রমিত লোকৰ সংখ্যাই ৯৩ লাখ স্পর্শ কৰাৰ দিশে গতি কৰিছে যদিও ভাৰতত এই মহামাৰীত মৃত্যু হোৱা লোকৰ সংখ্যা আন দেশৰ তুলনাত কম হিচাপে চিহ্ণিত হৈছে৷ কেন্দ্রীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রালয়ৰ তথ্য অনুসৰি, দেশত প্রতি ১ লাখৰ ভিতৰত এজনকৈ লোকৰহে এই ভাইৰাছবিধত আক্রান্ত হৈ মৃত্যু হৈছে৷ বিশ্বজুৰি প্রতি ১ লাখত প্রাণ হেৰুওৱা লোকৰ গড় সংখ্যা হৈছে ৬.০৪৷
ভাইৰাছবিধৰ দ্বাৰা ভাৰতত প্রতি লাখ জনসংখ্যাত প্রাণ হেৰুওৱা লোকৰ সংখ্যা আটাইতকৈ কম বুলিও কেন্দ্রীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রালয়ে সদৰী কৰিছে৷ ভাৰতত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে ১৪,৪৮৩গৰাকীলৈ৷ দেশখনত সংক্রমিত লোকৰ সংখ্যা অৱশ্যে দ্রুতগতিত বৃদ্ধি পাইছে৷ বিগত ২৪ ঘণ্টাত দেশখনত ভাইৰাছবিধৰ দ্বাৰা সংক্রমিত হৈছে ১৫ হাজাৰ ৩৫৫গৰাকীলৈ৷ ভাৰতত সংক্রমিত লোকৰ সংখ্যা ৪৪৪ হাজাৰ অতিক্রম কৰিছে৷ দেশখনত সংক্রমণ যি দ্রুতগতিত অব্যাহত আছে, সেয়া অপৰিৱর্তিত৷
আগন্তুক চাৰি দিনৰ ভিতৰত দেশখনত আক্রান্ত লোকৰ সংখ্যাই পাঁচ লাখ অতিক্রম কৰিব৷ অধিক সংক্রমিত লোকৰ দেশ হিচাপে চিহ্ণিত হৈছে আমেৰিকা, ব্রাজিল, ৰাছিয়া আৰু ভাৰত৷ ব্রাজিলত ১১,১৭,৪৩০গৰাকী লোক আক্রান্ত হোৱাৰ বিপৰীতে মৃত্যুমুখত পৰিছে ৫১,৫০২গৰাকী লোক৷ উল্লেখনীয় যে আমেৰিকাত ১,২২,৮৭৭ লোক মৃত্যুমুখত পৰিছে৷ দেশখনত আক্রান্ত লোকৰ সংখ্যাই ২৪ লাখ অতিক্রম কৰিছে৷
ইফালে ৰাছিয়াত আক্রান্ত হৈছে প্রায় ৬ লাখ লোক৷ কিন্তু দেশখনত ভাইৰাছবিধত আক্রান্ত হৈ প্রাণ হেৰুৱাইছে ৮,৩৫৯গৰাকীলৈকে৷ কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ তথ্য অনুসৰি ভাৰতত প্রতি এক লাখ লোকৰ এজনে প্রাণ হেৰুৱাইছে যদিও আমেৰিকা, ব্রিটেইন, স্পেইন, জার্মানী আদি দেশত এই হাৰ অতি বেছি৷ ব্রিটেইনত প্রতি লাখ জনসংখ্যাত সর্বাধিক ৬৩.১৩জন লোকৰ মৃত্যু হৈছে৷
প্রধানমন্ত্রী কেয়াৰ ফাণ্ডৰ পৰা ৫০ হাজাৰ ভেণ্টিলেটৰ নির্মাণ
কেন্দ্রীয় চৰকাৰে ক’ভিড–১৯ মহামাৰীৰ সংক্রমণৰ মোকাবিলা কৰিবলৈ বিশেষ ব্যৱস্থা হাতত লৈছে৷ কালি চৰকাৰে ঘোষণা কৰা অনুসৰি ‘মেড ইন ইণ্ডিয়া’ কার্যসূচীৰ অধীনত ৫০ হাজাৰ ভেণ্টিলেটৰ চৰকাৰ পৰিচালিত ক’ভিড–১৯ হাস্পতালসমূহলৈ প্রেৰণ কৰাৰ সিদ্ধান্ত লৈছে৷ উল্লেখনীয় যে প্রধানমন্ত্রী কেয়াৰ ফাণ্ডৰ পৰা ২ হাজাৰ কোটি টকাৰে এই ভেণ্টিলেটৰবোৰ প্রস্তুত কৰিছে৷
সমগ্র দেশত ক’ভিড হাস্পতালসমূহত এই ভেণ্টিলেটৰবোৰ যোগান ধৰা হ’ব বুলি ঘোষণা কৰিছে কেন্দ্রীয় চৰকাৰে৷ অকল সেয়াই নহয়, চৰকাৰৰ পৰা প্রকাশ পোৱা এই বিবৃতি প্রব্রজিত শ্রমিকৰ কল্যাণৰ বাবে এজাহাৰ কোটি টকা ধার্য কৰা হৈছে বুলি ঘোষণা কৰা হৈছে৷ এই ভেণ্টিলেটৰসমূহৰ ৩০ হাজাৰ প্রস্তুত কৰিছে ভাৰত ইলেক্ট্রনিকছ লিমিটেডে৷ বাকী ২০ হাজাৰ ভেণ্টিলেটৰ নির্মাণ কৰিছে এ জি ভি এ হেল্থ কেয়াৰ, এ এম টি জেড বেছিক, এ এম টি জেড হাই এণ্ড আৰু এলাইড মেডিকেলে৷