নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লীত চীনতকৈ ১০ গুণ বৃহৎ ক’ভিড হাস্পতাল

নিয়মীয়া বাৰ্তা, ২৪ জুনঃ দেশৰ ৰাজধানী মহানগৰ দিল্লীত ক’ভিড–১৯ ৰোগীৰ চিকিৎসাৰ ক্ষেত্রত বিভিন্ন ধৰণৰ সা–সুবিধা প্রদানৰ প্রতিশ্রুতি প্রদান কৰা কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে চীনতকৈ ১০ গুণ ডাঙৰ ক’ভিড কেন্দ্র স্থাপন কৰাৰ বাবে দিল্লী চৰকাৰক সহযোগিতা আগবঢ়াইছে৷ প্রতিশ্রুতি অনুসৰি, কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে ইণ্ডো–তিব্বত সীমান্ত আৰক্ষী (আইটিবিপি)ৰ চিকিৎসা কর্মীক এই ক’ভিড হাস্পতাল স্থাপন কৰা কার্যত সহায় কৰিবলৈ আহ্বান জনাইছে৷ দক্ষিণ দিল্লীৰ ৰাধা স্বামী সৎসংগ কমপ্লেক্সত এই ক’ভিড কেন্দ্র স্থাপনৰ প্রক্রিয়া ইতিমধ্যে আৰম্ভ হৈছে৷ ছাট্টাৰপুৰৰ এই ক’ভিড কেন্দ্রত ১০,২০০তকৈ অধিক লোকক চিকিৎসা সেৱা আগবঢ়োৱা হ’ব৷ উল্লেখনীয় যে ছাট্টাৰপুৰৰ এই ক’ভিড কেন্দ্রৰ পৰিসীমা ১৫খন ফুটবল ষ্টেডিয়ামৰ সমান হ’ব বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে৷ এই ক’ভিড কেন্দ্রৰ নাম ৰখা হৈছে চর্দাৰ পেটেল ক’ভিড কেয়াৰ চেণ্টাৰ এণ্ড হাস্পতাল৷ কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ জ্যেষ্ঠ বিষয়া এগৰাকীয়ে এই কথা সদৰী কৰিছে৷ স্মর্তব্য যে চীনত একেলগে ১০০০ ৰোগীৰ চিকিৎসা কৰিব পৰা ক’ভিড হাস্পতাল স্থাপন কৰা হৈছিল৷

You might also like