নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আফগানিস্তানত ৫.৩ আৰু ৪.৯ প্ৰাবল্যৰ ২টাকৈ ভূমিকম্পঃ নিহতৰ সংখ্যা ২৬ লৈ বৃদ্ধি

নিয়মীয়া বাৰ্তা ১৮ জানুৱাৰীঃ তালিবানৰ দখলৰ পিছত মানৱীয় সংকটৰ সন্মুখীন হোৱা আফগানিস্তান পুনৰ কঁপি উঠে ভূমিকম্পত। ইতিমধ্যে অৰ্থনৈতিক সংকটৰ সন্মুখীন হৈ থকা লোকসকলৰ অসুবিধা এই প্ৰাকৃতিক দুৰ্যোগৰ পাছত অধিক অৱনতি ঘটিছে। দেশখনৰ পশ্চিম প্ৰান্তত বদঘিছত প্ৰচণ্ড কম্পনৰ ফলত ব্যাপক ক্ষতিসাধন হৈছে।

সোমবাৰে তুৰ্কমেনিস্তানৰ সীমান্তত আফগানিস্তানৰ পশ্চিম প্ৰান্তৰ বদঘিছত দুবাৰকৈ ভূমিকম্প হোৱাৰ ফলত এতিয়ালৈকে ২৬ জন লোকৰ মৃত্যু ঘটিছে। ইয়াৰোপৰি কেইবাজনো লোক আহত হোৱা বুলি জানিব পৰা গৈছে।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূতাত্ত্বিক জৰীপ মতে, স্থানীয় সময় অনুসৰি দুপৰীয়া প্ৰায় ২ বজাত ৫.৩ প্ৰাবল্যৰ প্ৰথম ভূমিকম্প হৈছিল আৰু ৪.৯ প্ৰাবল্যৰ দ্বিতীয়টো ভূমিকম্প পুনৰ আবেলি প্ৰায় ৪ বজাত অনুভূত হয়।

ইপিনে এই ভূমিকম্পত প্ৰায় ৭০০ তকৈও অধিক ঘৰ ক্ষতিগ্ৰস্ত হৈছে।

You might also like