নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ম্যানমাৰত সেনাই গাড়ীৰে খুন্দিয়াই হত্যা কৰিলে পাঁচজনক

নিয়মীয়া বাৰ্তা, ৮ ডিচেম্বৰঃ  ম্যানমাৰৰ বৃহত্তম মহানগৰ য়াংগুনত সেনা অভ্যুত্থানৰ বিৰুদ্ধে কালি সংঘটিত এক প্রতিবাদী কার্যসূচীৰ সময়ত সামৰিক বাহিনীৰ বাহনে বিক্ষুব্ধ জনতাক মহটিয়াই নিয়াৰ ফলত পাঁচগৰাকী লোক নিহত হয়৷ এই ঘটনাত অন্য কেইবাজনো গুৰুতৰভাৱে আহত হৈছে৷ প্রত্যক্ষদর্শীয়ে সদৰী কৰা অনুসৰি অসামৰিক বাহনত উঠি আহিছিল সেনাৰ জোৱান৷ উদ্দেশ্যপ্রণোদিতভাৱে সেনাই প্রতিবাদকাৰীক এনেদৰে মহটিয়াই হত্যা কৰা বুলি ধাৰণা কৰিছে স্থানীয় লোকসকলে৷ আহত লোকৰ সংখ্যা কমপক্ষেও ৩০গৰাকী হ’ব বুলি এক সূত্রই সংবাদ মাধ্যমক জনাইছে৷ এই ঘটনা সন্দর্ভত ১৫গৰাকী লোকক গ্রেপ্তাৰ কৰা হৈছে যদিও সেনাৰ এনে বর্বৰ কাণ্ডৰ বাবে বিশ্বজুৰি সৃষ্টি হৈছে প্রতিক্রিয়া৷

You might also like