নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কোন কোন দেশত গাঞ্জা বা ভাং ব্যৱহাৰ অপৰাধ নহয়! আইন মানি ব্যৱহাৰ কৰাৰ আছে অনুমতি

উৰুগুৱেঃ ২০১৩ চনত এই দক্ষিণ আমেৰিকাৰ দেশখনত ১৮ বছৰ উৰ্ধ্বৰ সকলোকে গাঞ্জা ব্যৱহাৰৰ সম্পূর্ণ অনুমতি দিয়ে। স্থানীয় ঔষধৰ দোকানসমূহক গাঞ্জা বিক্রীৰ অনুমতি দিয়া হয়। অৱশ্যে এক নির্দিষ্ট পৰিমাণতকৈ বেছি গাঞ্জা কিনিব নোৱাৰি। লগতে ঘৰতো ৬ ডাল ভাং গছ লগোৱাৰ অনুমতি দিয়ে চৰকাৰে।

কানাডাঃ ২০১৮ চনত জাষ্টিন ট্রুডোৰ চৰকাৰে গাঞ্জা অৱসৰকালীন ব্যৱহাৰৰ অনুমতি প্ৰদান কৰে। ইয়াৰোপৰি, ২০০১ চনৰ পাছৰ পৰা চিকিৎসা ক্ষেত্রত ভাং ব্যৱহাৰৰ অনুমতি দিছে দেশখনৰ চৰকাৰে। বিগত জুন মাহত দেশখনে ১৫২ মিলিয়ন ডলাৰ ভাং বিক্রী কৰিছে।

দক্ষিণ আফ্রিকাঃ ২০১৮ চনত দক্ষিণ আফ্রিকাৰ সংবিধান আদালতে গাঞ্জাৰ ব্যৱহাৰত অনুমতি দিয়ে। দক্ষিণ আফ্রিকাৰ মানুহে ব্যক্তিগতভাৱে গাঞ্জা ব্যৱহাৰ কৰিব পাৰে। কিন্তু ব্যক্তিগত স্তৰৰ বাহিৰে বিক্রী বা ব্যৱহাৰ এতিয়াও দেশখনত নিষিদ্ধ।

আমেৰিকাঃ আমেৰিকাৰ ১১ খন প্রদেশ, যাৰ ভিতৰত আছে ৱাছিংটন ডিচি, তাত অৱসৰকালীন ভাং ব্যৱহাৰৰ অনুমতি দিছে। আন প্রদেশসমূহ হ’ল আলাস্কা, কেলিফোর্নিয়া, কলোৰাডো, ডিস্ট্রিক্ট অফ কলম্বিয়া, ইলিনয়েছ, মাইন, মাছাচুচেটছ, নাভেদা, ওৰিগাঁও, ভেৰমন্ট। অৱশ্যে এই প্রদেশসমূহৰ ভাং বিক্রী আৰু ৰখাৰ আইন ভিন্ন ভিন্ন।

You might also like