নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৪৫ দিনতে পৃথিৱীৰ পৰা উপস্থিত হ’ব পৰা যাব মংগলত

  • এনটিএনইপিৰ পৰিকল্পনা
  • ঘণ্টাত ৩৯,৬০০ কিলোমিটাৰ বেগেৰে যাত্রা কৰিব মহাকাশযানে
  • ৰক্তাভ গ্রহক লৈ নাছাৰ নতুন প্রকল্প

নিয়মীয়া বাৰ্তা, ২৪ জানুৱাৰী: পৃথিৱীৰ বাহিৰে সৌৰজগতৰ আন গ্রহত জীৱৰ অস্তিত্বৰ অনুসন্ধানত ব্যস্ত বিজ্ঞানীসকলে ৰঙা গ্রহ মংগলত পানীকে ধৰি জীৱৰ অস্তিত্বৰ সম্ভাৱনা লাভ কৰিছে৷ পৃথিৱীৰ অস্তিত্বলৈ ভাবুকি আহিলে জীৱশ্রেষ্ঠ মানৱ অন্য গ্রহলৈ গৈ থিতাপি লোৱাৰ কল্পনীয় ধাৰণা এটাক লৈ বিজ্ঞানীসকল উৎসুক হৈ আছে৷ মহাকাশ অভিযানৰ জৰিয়তে নিতৌ ন ন তথ্যৰ সন্ধান লাভ কৰা মহাকাশ বিজ্ঞানীসকলে মহাকাশত মানৱৰ বাসস্থান গঢ়াৰ পৰিকল্পনাৰ সমান্তৰালকৈ ৰঙা গ্রহটোত মানৱৰ বসতিক লৈ কল্পনা চলাইছে৷ ইতিমধ্যে ৰঙা গ্রহ মংগলত মহাকাশ যান পঠিয়াই অধ্যয়ন, গৱেষণা চলাই থকাৰ মাজতে আমেৰিকা যুক্তৰাষ্ট্রৰ মহাকাশ সংস্থা নাছাই ৰঙা গ্রহ মংগলক লৈ অভিলাষী পৰিকল্পনা কৰিছে৷ মাত্র ৪৫ দিনৰ ভিতৰতে ৰক্তাভ গ্রহ মংগলত মহাকাশ যান অৱতৰণৰ পৰিকল্পনা চলাইছে নাছাই৷ পৃথিৱীৰ পৰা মাত্র ৪৫ দিনৰ ভিতৰতে ৰঙা গ্রহ মংগলত উপস্থিত হোৱাৰ পৰিকল্পনা সম্পন্ন কৰিব প্রস্তাৱিত এনটিএনইপিৰ জৰিয়তে৷ নিউক্লিয়াৰ থার্মেল এণ্ড নিউক্লিয়াৰ ইলেক্ট্রিক প্রপালচন (এনটিএনইপি)ৰ দ্বাৰা নাছাই ৪৫ দিনৰ ভিতৰতে পৃথিৱীৰ পৰা মংগল গ্রহত উপস্থিত হোৱাৰ পৰিকল্পনা সাজু কৰি তুলিছে৷ তাৎপর্যপূর্ণ যে সম্প্রতি মহাকাশ যানে প্রতিঘণ্টাত ৩৯,৬০০ কিলোমিটাৰ বেগেৰে পৰিভ্রমণ কৰি ৰঙা গ্রহ মংগল পাবলৈ সাত মাহৰ প্রয়োজন হয়৷ এনটিএনইপিৰ জৰিয়তে প্রতি ঘণ্টাত উল্লিখিত কিলোমিটাৰতকৈ কেইবাগুণো অধিক গতিৰে মংগল গ্রহলৈ যান পঠিয়াব নাছাই৷ নাছাৰ এই অভিলাষী মহাকাশ অভিযান সম্প্রতি ব্যাপক চর্চিত৷

You might also like