নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘সীমা ব্যৱস্থাপনা’ক লৈ ভাৰত–চীনৰ নতুন আলোচনা

নিয়মীয়া বাৰ্তা, ৬ আগষ্টঃ আকাশী সীমা উলংঘনৰ অবাঞ্ছিত ঘটনা এৰাই চলিবলৈ নতুনকৈ আলোচনা আৰম্ভ কৰিছে ভাৰত–চীনে৷ সেনা সূত্রৰ খবৰ অনুসৰি মঙলবাৰে লাডাখত সেনা পর্যায়ৰ আলোচনাত সীমান্ত ব্যৱস্থাপনা সন্দর্ভত পূর্বৰ চুক্তি তথা প্রট’কল মানি চলাটো নিশ্চিত কৰাৰ দাবী উত্থাপন কৰে ভাৰতীয় সেনাই৷ এই চুক্তি অনুসৰি প্রকৃত নিয়ন্ত্রণৰেখা (এলএচি)ৰ ১০ কিলোমিটাৰৰ ভিতৰত দুয়োখন দেশৰ আকাশী যান চলাচলত নিষেধাজ্ঞা আছে৷

লক্ষণীয়ভাৱে সঘনে নিয়ন্ত্রণৰেখাত আকাশী সীমা উলংঘা কৰা বুলি বেইজিঙৰ বিৰুদ্ধে ভাৰতে অভিযোগ কৰি আহিছে৷ প্রতিৰক্ষা মন্ত্রালয়ৰ সূত্র অনুসৰি গালৱানৰ সংঘাতৰ পাছতো চীনা হেলিকপ্ঢাৰ, ড্রোন আৰু বিমানৰ অনুপ্রৱেশ ঘটি আছে এলএচিত৷ এই বিষয়টোক লৈ নতুনকৈ আলোচনা আৰম্ভ কৰিছে উভয় দেশৰ সেনা বিষয়াসকলে৷

স্মর্তব্য যে এলএচিৰ সীমা উলংঘন সম্পূর্ণৰূপে বন্ধ কৰাৰ বাবে ভাৰতে কূটনৈতিক পর্যায়তো দাবী তুলি আহিছে৷ আনকি বিদেশ মন্ত্রী পর্যায়ৰ বৈঠকতো এই বিষয়টো সঘনে ভাৰতৰ পক্ষৰ পৰা উত্থাপন কৰি অহা হৈছে৷ কেইবছৰমান পূর্বে কাজাখস্তানত অনুষ্ঠিত এছচি’ৰ পার্শ্ব বৈঠকত চীনা ৰাষ্ট্রপতি জিনপিঙৰ ওচৰত উদ্বেগ প্রকাশ কৰিছিল প্রধানমন্ত্রী মোদীয়ে৷ কিন্তু ইয়াৰ পাছতো বিভিন্ন সময়ত এলএচিত আকাশী সীমা উলংঘা কৰি আহিছে চীনা সেনাই৷

You might also like