নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘চুছুল’ লাগে বেইজিঙক, উত্তপ্ত ভাৰতীয় সেনা–পিএলএৰ বৈঠক

লাডাখৰ প্রকৃত নিয়ন্ত্রণৰেখাত সেনাপ্রধান নাৰৱানে, আহত সৈনিকক সাক্ষাৎ

 নিয়মীয়া বাৰ্তা, ২৪ জুনঃ ক্রমাৎ বিধ্বংসী ৰূপ লৈছে চীনৰ আগ্রাসী মনোভাব৷ গালৱান, পেংগং হূদৰ পাছত পূব লাডাখৰ মল্ডো পর্বতকো চীনে নিজৰ অধীনলৈ নিয়াৰ এক চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে৷ লক্ষণীয় বিষয়টো হৈছে মল্ডো পর্বতৰ পশ্চিম দিশে থকা চুছুলত চীন আৰু ভাৰতৰ সেনাবাহিনীৰ মাজত যোৱা এপষেকৰো অধিক কাল ধৰি কেইবালানি বৈঠক অনুষ্ঠিত হৈ আহিছিল৷ চুছুলৰ নিচেই কাষত ভাৰতীয় সেনাবাহিনীৰ কেম্পো আছে৷ পিছে সেই চুছুলকো ৰঙা চীনৰ পিপলছ লিবাৰেচন আর্মীয়ে (পি এল এ) এতিয়া চীনৰ ভূমি বুলি দাবী কৰা বুলি জানিব পৰা গৈছে৷

সোমবাৰে মল্ডো পর্বতৰ ঠিক মাজভাগত দুপৰীয়া প্রায় ১২ বজাৰ পৰা মাজনিশালৈকে চলা ১১ ঘণ্টীয়া ভাৰত আৰু চীনৰ লেফটেনেণ্ট মেজৰ জেনেৰেলৰ মাজত চলা উত্তপ্ত বৈঠকত পি এল এ চুছুলকো চীনৰ ভূখণ্ড বুলি দাবী জনোৱাৰ কথা জানিব পৰা গৈছে৷ লক্ষণীয়ভাৱে কালিৰ সামৰিক পর্যায়ৰ বৈঠকখন চীনৰ ভূখণ্ডত অনুষ্ঠিত হোৱা বুলি ভাৰতীয় সেনাবাহিনীয়ে স্বীকাৰ কৰি লৈছে৷ বৈঠকথলীত উপস্থিত থকা ভাৰতীয় সেনাবাহিনীৰ মেজৰ পর্যায়ৰ বিষয়া এজনে এই প্রতিবেদকক টেলিফোনযোগে প্রকাশ কৰা মতে, ভাৰতৰ লেফটেনেণ্ট জেনেৰেল হৰিন্দৰ সিং আৰু চীনৰ মেজৰ জেনেৰেল লিউ লিনৰ মাজত হোৱা কালিৰ প্রায় ১১ ঘণ্টীয়া বৈঠকখন যথেষ্ট উত্তপ্ত আৰু উত্তেজনাপূর্ণ আছিল৷

ভাৰতৰ ফালৰ পৰা বৈঠকৰ আৰম্ভণিতে গালৱান উপত্যকাৰ ১৪নং পেট্ৰ’লিং পইণ্টত (পি পি) যোৱা সপ্তাহত চীনা আক্রমণৰ প্রসংগ উত্থাপন কৰা হৈছিল৷ মূলতঃ গালৱানৰ ১৪নং পি পি, পূব লাডাখৰ গোগ্রা–হট স্প্রিংখ্যাত ১৫ আৰু ১৭এ পি পি আৰু পেংগং হূদৰ উত্তৰ পাৰত চীনৰ আগ্রাসনক লৈ ভাৰতে আলোচনা কৰিব বিচাৰিছিল যদিও পি এল এৰ দক্ষিণ জিনজিয়াং মিলেটাৰী জিলাৰ মেজৰ জেনেৰেল লিউ লিনে প্রথমতে ভাৰতে উত্থাপন কৰা সকলো প্রতিবাদ আওকাণ কৰি চুছুলৰ ওপৰতো চীনৰ অধিকাৰ সাব্যস্ত কৰাৰ অপচেষ্ট চলায়৷

ইয়াৰ পাছতেই এক উত্তপ্ত পৰিস্থিতি সৃষ্টি হোৱা বুলি মল্ডোৰ বৈঠকথলীত উপস্থিত থকা সেনা বিষয়াজনে জানিবলৈ দিয়ে৷ ভাৰতৰ মতে, এতিয়ালৈকে ১৪, ১৫, ১৭এ পি পি, ডেপছাং আৰু পেংগং হূদৰ উত্তৰ পাৰক লৈ দুয়ো দেশৰ মাজত বিবাদ চলি আছিল যদিও সোমবাৰৰ বৈঠকত চীনৰ পি এল এয়ে হঠাতে চুছুলৰ প্রসংগও উত্থাপন কৰাত পৰিস্থিত আৰু জটিল হৈ পৰে৷ পিছে নিশাৰ ভাগত বিবদমান সকলো ঠাইত দুয়োখন দেশে সংবৰণ নীতি গ্রহণ কৰাৰ সংকল্প গ্রহণ কৰা বুলি জানিব পৰা গৈছে৷

তদুপৰি সোমবাৰৰ লেফটেনেণ্ট–মেজৰ জেনেৰেল পর্যায়ৰ বৈঠকখন যে মুঠেই ফলপ্রসূ নাছিল, সেই কথা ভাৰতীয় সেনাবাহিনী সূত্রতেই স্পষ্ট হৈ পৰিছে৷ তাৎপর্যপূর্ণভাৱে চুছুলত হোৱা যোৱা ৬ জুনৰ বৈঠকৰ নিচিনাই গালৱানক লৈ কালিৰ বৈঠকতো চীনে কোনো ধৰণৰ আলোচনা কৰিবই বিচৰা নাছিল৷ ইয়াৰ পৰিৱর্তে পেংগং হ্ৰদক লৈহে কালিৰ বৈঠকত আটাইতকৈ বেছি সময় আলোচনা কৰা হয়৷ উল্লেখ্য যে পেংগং হ্ৰদটো হৈছে মল্ডো পাহাৰৰ মালভূমিত থকা এটা হ্ৰদ আৰু এই হ্ৰদৰ দক্ষিণ পাৰৰ মাত্র ১০ কিলোমিটাৰ দূৰত্বত আছে চুছুল৷ পিছে এই চুছুলৰ ওপৰতো চীনে কালিৰ বৈঠকত যি অধিকাৰ সাব্যস্ত কৰিব বিচাৰিছে, ইয়াৰ পাছত মালৰিক পর্যায়ৰ বৈঠকৰ প্রয়োজনীয়তাক লৈ ভাৰতীয় সেনাবাহিনীৰ মাজতেই এতিয়া প্রশ্ন উত্থাপন হোৱা পৰিলিক্ষিত হৈছে৷

লক্ষণীয়ভাৱে ভাৰতে উল্লিখিত স্থানসমূহৰ পৰা চীনা সৈন্যই যাতে পিছুৱাই যায় তথা চলিত বছৰৰ এপ্রিল মাহত থকা স্থিতাৱস্থা যাতে পুনৰ বাহাল হয়, তাৰ বাবেই কালিৰ বৈঠকত অধিক গুৰুত্ব প্রদান কৰা হৈছিল৷ পিছে বৈঠকৰ সমাপ্তিত যি বিষয়টো উঠি আহিছে, তাত দেখা গৈছে দুয়ো দেশ বর্তমানৰ স্থিতাৱস্থাক গুৰুত্ব প্রদান কৰি ভৱিষ্যতত বিবদমান স্থানসমূহক লৈ পুনৰ আলোচনাৰ দুৱাৰ মুকলি ৰাখিছে৷

লগতে শেহতীয়াকৈ দেখা দিয়া উত্তেজনা প্রশমনৰ বাবেও দুয়োপক্ষই সকলো ধৰণৰ পদক্ষেপ ল’বলৈ অংগীকাৰবদ্ধ হয়৷ যাতে ভৱিষ্যতে গালৱানৰ দৰে ঘটনাৰ পুনৰাবৃত্তি নঘটে৷ ইপিনে অষ্ট্রেলিয়াৰ সামৰিক বিষয়ক বেচৰকাৰী থিংকটেংক ‘অষ্ট্রেলিয়ান ষ্ট্রেটেজিক পলিচী ইনষ্টিটিউট’ৰ গৱেষক নাথান ৰুজাৰে ছেটেলাইটৰ পৰা লব্ধ তথ্যৰ আধাৰত প্রকাশ কৰিছে যে ভাৰতত থকা পেংগং হ্ৰদৰ ফিংগাৰ ৮ৰ পৰা ফিংগাৰ ৪লৈকে পি এল এয়ে যোৱা এমাহৰ ভিতৰত বিশাল নির্মাণকার্য সম্পন্ন কৰিছে৷

যোৱা দেওবাৰে টুইটাৰযোগে ৰুজাৰে এই কথা প্রকাশ কৰি ছেটেলাইটৰ থ্রীডি প্রতিচ্ছবিও দাঙি ধৰিছে৷ জানিব পৰা মতে, কালিৰ বৈঠকত লেহস্থিত ১৪ ক’ৰৰ লেফটেনেণ্ট জেনেৰেল হৰিন্দৰ সিঙে ৰুজাৰে দাঙি ধৰা ছেটেলাইটৰ প্রতিচ্ছবিসমূহ চীনৰ সমুখত দাঙি ধৰি ইয়াৰ প্রত্যুত্তৰ বিচাৰে৷ এইক্ষেত্রত চীনে স্পষ্ট কৰি দিয়ে যে নিয়ন্ত্রণ ৰেখাৰ (এল অ’ চি) পৰা পেংগং হ্ৰদৰ ফিংগাৰ ৪লৈকে তেওঁলোক কোনো আলোচনা নকৰে৷ পিছে ফিংগাৰ ৪ত থকা স্থিতাৱস্থা চীনে উলংঘন নকৰে বুলিও লিউ লিনে সিঙক নিশ্চয়তা প্রদান কৰে৷

উল্লেখ্য যে যোৱা মে’ মাহৰ অন্তিম ভাগলৈকে চীনৰ পি এল এ পেংগং হ্ৰদৰ ফিংগাৰ ২লৈকে নিজৰ আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল তথা ফিংগাৰ ১ত ভাৰতীয় সেনাবাহিনীৰ সৈতে হতাহতিত লিপ্ত হৈছিল৷ ইফালে ভাৰতীয় সেনাবাহিনীৰ তৰফৰ পৰা অনানুষ্ঠানিকভাৱে প্রদান কৰা এক বিবৃতিত কালিৰ বৈঠকখনক যথেষ্ট ‘সৌহার্দ্যপূর্ণ, ইতিবাচক আৰু গঠনমূলক’ আখ্যা দিয়া হৈছে৷ সংঘাত এৰাই চলাৰ বাবেও দুয়ো দেশৰ সেনাবাহিনীয়ে ঐকমত্য পোষণ কৰা বুলি ভাৰতীয় সেনাবাহিনীৰ সূত্র ধৰি দেশৰ সংবাদ মাধ্যমত বাতৰি পৰিৱেশিত হৈছে৷

ইয়াৰ মাজতেই ভাৰতীয় সেনাবাহিনীৰ মুৰব্বী মনোজ মুকুন্দ নাৰৱানেই লাডাখৰ সীমান্তৱর্তী এলেকাসমূহ ভ্রমণ কৰে৷ পুৱাৰ ভাগত সীমান্ত ভ্রমণ কৰি নাৰৱানেই ১৪ ক’ৰৰ সেনা বিষয়াসকলৰ সৈতে ভাৰত–চীন সীমান্তৰ প্রকৃত নিয়ন্ত্রণ ৰেখাৰ বুজ লয়৷ অলপতে মল্ডোৰ বৈঠকত অংশ লোৱা লেফটেনেণ্ট জেনেৰেল হৰিন্দৰ সিঙৰ সৈতেও নাৰৱানেই সুকীয়াকৈ এখন বৈঠকত অংশগ্রহণ কৰে৷ লাডাখ ভ্রমণৰ কালছোৱাত সেনাবাহিনীৰ মুৰব্বীজনে যুদ্ধ অনিবার্য হ’লে সেই ক্ষেত্রত সেনাৰ প্রস্তুতি কিমান, তাৰো বুজ লয়৷ ইয়াৰ পাছত নাৰৱানে লেহত থকা সামৰিক হাস্পতালত যোৱা ১৫ জুনৰ সংঘর্ষত আহত ভাৰতীয় সেনাসকলৰ শাৰীৰিক অৱস্থাৰ বুজ লৈ আহত জোৱানসকলৰ মনোবল বৃদ্ধি কৰাৰ যত্ন লয়৷

পাছত সেনাবাহিনীৰ তৰফৰ পৰা প্রথমবাৰৰ বাবে গালৱানত চীনা সৈন্যৰ আক্রমণত আহত লেহৰ হাস্পতালত ভর্তি একাংশ ভাৰতীয় জোৱানৰ আলোকচিত্রও প্রকাশ কৰে৷ য’ত সেনাবাহিনীৰ মুৰব্বীজনে আহত জোৱানসকলৰ সৈতে কথা পাতি থকা পৰিলক্ষিত হৈছে৷ ইপিনে ভাৰতীয় সেনাবাহিনী আৰু ভাৰতীয় বায়ুসেনাই সুকীয়া সুকীয়াকৈ প্রকাশ কৰা এক বিবৃতি অনুসৰি লাডাখত কেইবাহাজাৰ অতিৰিক্ত সেনা জোৱান মোতায়েন কৰা হৈছে৷ পিছে অতিৰিক্ত সেনাবাহিনীৰ কোনো নির্দিষ্ট পৰিসংখ্যা দাঙি ধৰাৰ পৰা বিৰত থকা হৈছে৷ আনহাতে, ভাৰতীয় বায়ুসেনাই জম্মু–কাশ্মীৰ আৰু লাডাখৰ ফৰৱার্ডৰ বেছত বহুসংখ্যক ছুখই ৩০ এম কে আই, মিৰাজ ২০০০ যুঁজাৰু বিমান আৰু আপাচী হেলিকপ্টাৰ সাজু কৰি থৈছে বুলি প্রকাশ কৰিছে৷

You might also like