নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বৰ প্রথম ডাবল–ষ্টেক কণ্টেইনাৰ ৰে’লৰ শুভাৰম্ভ

নিয়মীয়া বাৰ্তা, ৮ জানুৱাৰীঃ বিশ্বৰ প্রথম ডাবল–ষ্টেক কণ্টেইনাৰ ৰে’লৰ পতাকা জোকাৰি শুভাৰম্ভ কৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ ভিডি’ কনফাৰেঞ্চযোগে আজি নিউ আটেলি–নিউ কিষাণগড়ৰ পৰা বিদ্যুৎচালিত ১.৫ কিলোমিটাৰ দৈর্ঘ্যৰ বিশ্বৰ প্রথম ডাবল–ষ্টেক কণ্টেইনাৰ ৰে’ল শুভাৰম্ভ কৰাৰ লগতে প্রধানমন্ত্রী মোদীয়ে ৱেষ্টার্ন ডেডিকেটেড ফ্রেইট কৰিড’ৰ (ডব্লিউ ডি এফ চি)ৰ নিউ ৰেৱাৰী–নিউ মডৰ খণ্ডৰ ৩০৬ কিলোমিটাৰ ৰে’লপথ দেশবাসীক অর্পণ কৰে৷ নতুন দিল্লীৰ পৰা ভিডি’ কনফাৰেঞ্চযোগে ডব্লিউ ডি এফ চিৰ ৰেৱাৰী–নিউ মডৰ খণ্ড আৰু ডাবল–ষ্টেক কণ্টেইনাৰ ৰে’লৰ শুভাৰম্ভ কৰি প্রধানমন্ত্রী মোদীয়ে কয়– ৫–৬ বছৰৰ কঠোৰ পৰিশ্রমৰ অন্তত ডব্লিউ ডি এফ চিৰ এটি খণ্ড  মুকলি কৰি বাস্তৱত পৰিণত কৰিবলৈ সক্ষম হ’ল৷

দেশৰ আন্তঃগাঁথনি আধুনিকতাৰে নতুন গতি লাভ কৰিবলৈ সক্ষম হৈছে৷ এই ডব্লিউ ডি এফ চি প্রকল্পই ২১ শতিকাৰ ভাৰতৰ ছবি সলনি কৰিব৷ কিছুদিন পূর্বে দেশে দুটা মেইড–ইন ইণ্ডিয়া ক’ৰোনা ভেকচিন প্রয়োগৰ অনুমোদন জনাই দেশবাসীৰ মাজত নতুন বিশ্বাস জনাইছে বুলিও কয় প্রধানমন্ত্রী মোদীয়ে৷ সম্প্রতি প্রতি ভাৰতীয়ই আমি ৰৈ নাযাওঁ কিম্বা আমি ভাগৰি নপৰোঁ, আমি দ্রুতগতিত আগবাঢ়ি যোৱাৰ মানসিকতা গঢ়ি লৈছো বুলিও কয় প্রধানমন্ত্রী মোদীয়ে৷ হাৰিয়ানা–ৰাজস্থানৰ দুটাকৈ অভিলাষী প্রকল্পৰ প্রধানমন্ত্রী মোদীয়ে কৰা উদ্বোধনী অনুষ্ঠানত হাৰিয়ানাৰ ৰাজ্যপাল সত্যদেৱ নাৰায়ণ আয্যা, ৰাজস্থানৰ ৰাজ্যপাল কালৰাজ মিশ্র, কেন্দ্রীয় ৰে’লমন্ত্রী পীয়ূষ গোৱেল, ৰাজস্থানৰ মুখ্যমন্ত্রী অশোক গেহলট আৰু হাৰিয়ানাৰ মুখ্যমন্ত্রী মনোহৰ লাল খট্টৰকে ধৰি কেইবাগৰাকীও শীর্ষ বিষয়া উপস্থিত থাকে৷ উল্লেখ্য যে ডব্লিউ ডি এফ চিৰ নিউ ৰেৱাৰী–নিউ মডৰ খণ্ডটিৰ ৭৯ কিলোমিটাৰ হাৰিয়ানাত আৰু বাকী ২২৭ কিলোমিটাৰ ৰাজস্থানত অন্তর্ভুক্ত৷

You might also like