নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্রিটিছ বিত্তমন্ত্রীৰ কথা নুশুনে নেকি তেওঁৰ পত্নী অক্ষতা মূৰ্তিয়ে

বিশেষ বাৰ্তা, ২৬ মাৰ্চঃ নিজৰ ঘৰতে ব্রিটিছ বিত্তমন্ত্রীৰ কথা কোনোৱে নুশুনে নেকি? ইউক্রেইনত যুদ্ধ ঘোষণাৰ পাছৰ পৰাই আমেৰিকা, ফ্রান্সসহ একাধিক দেশে নিষেধাজ্ঞা জাৰি কৰিছে ভ্লাডিমিৰ পুটিনৰ দেশৰ বিৰুদ্ধে। এই দলত আছে ব্রিটেইনো। গতিকে কিছু অস্বস্তিত পৰিছে ব্রিটিছ বিত্তমন্ত্রী ঋষি সুনক। কাৰণ, তেওঁৰ পৰিয়ালৰ সৈতে ৰাছিয়াৰ বাণিজ্যিক সংযোগৰ কথা তুলি ধৰা হৈছে এটি সাক্ষাৎকাৰত। ভাৰতীয় তথ্য প্রযুক্তি সংস্থা ইনফ’ছিছকলৈ চলিছে বিতর্ক। এই প্ৰতিষ্ঠানৰ ০.৯১ শতাংশ মালিকীস্বত্ত্ব আছে ঋষিৰ পত্নী অক্ষতা মূর্তিৰ হাতত। তেওঁ প্ৰতিষ্ঠানৰ কর্ণধাৰ নাৰায়ণ মূর্তিৰ জীয়ৰী। ৰাছিয়া-ইউক্রেইনৰ যুদ্ধ চলি থকাৰ মাজতো মস্কোত চলি আছে ইনফ’ছিছৰ কাৰ্যালয়। ৰুছ বেংকসমূহৰ সৈতে এতিয়াও তেওঁলোকৰ আর্থিক লেনদেন চলি আছে। এক টেলিভিছন সাক্ষাৎকাৰত প্রসংগটো উত্থাপন কৰা হয় ভাৰতীয় বংশোদ্ভৱ ব্রিটিছ বিত্তমন্ত্রীৰ সন্মুখত।

অনুষ্ঠানটোত সঞ্চালকে ঋষিক উদ্দেশ্যি কয়, য’ত ব্রিটেইনবাসীক কোৱা হৈছে ইউক্রেইনৰ পৰা বিতাড়িতসকলক আশ্রয় দিবলৈ, সাহায্য আগবঢ়াবলৈ— তেনেক্ষেত্ৰত তেওঁৰ পাৰিবাৰিক প্ৰতিষ্ঠানে কেনেকৈ ৰুছ চৰকাৰৰ সৈতে এতিয়াও বাণিজ্যিক যোগাযোগ ৰাখিছে! লগতে ব্যংগ কৰি কয় যে নিজৰ ঘৰতে ব্রিটিছ বিত্তমন্ত্রীৰ কথা কোনোৱে নুশুনে নেকি? ঋষিয়ে কোনো বিতৰ্ক নকৰি কয় যে মই এজন নির্বাচিত ৰাজনীতিক তথা মোক যি দায়িত্ব দিয়া আছে,তাকে লৈ কথা ক’বলৈ দায়বদ্ধ। মোৰ পত্নীৰ ক্ষেত্রত বিষয়টো তেনে নহয়। মোৰ ধাৰণা, প্রত্যেক প্ৰতিষ্ঠানৰ কাম-কাজৰ বিষয়ত তেওঁলোকৰ নিজস্ব সিদ্ধান্তই বলবৎ থাকে। লগতে তেওঁ জনাই ইনফ’ছিছৰ কাম কাজ সন্দৰ্ভত তেওঁৰ কোনো ধাৰণাই নাই, কাৰণ সেই প্ৰতিষ্ঠানৰ সৈতে তেওঁৰ কোনো সম্পর্ক নাই।

You might also like