নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উত্তৰ কোৰিয়াত প্রথমবাৰলৈ অতি শোচনীয় হৈছে অর্থনৈতিক পৰিস্থিতি

নিয়মীয়া বাৰ্তা ৮ এপ্ৰিলঃ কট্টৰ কমিউনিষ্ট ৰাষ্ট্র উত্তৰ কোৰিয়াৰ শীর্ষ নেতা কিম জং–উনে প্রথমবাৰৰ বাবে স্বীকাৰ কৰিছে যে দেশখন ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হৈছে৷ প্রথমবাৰলৈ অতি শোচনীয় পৰিস্থিতিৰ সন্মুখীন হৈছে উত্তৰ কোৰিয়া৷

পিয়ংয়াঙত শেহতীয়াকৈ শাসকীয় ৱর্কার্ছ পার্টীৰ এক সমাৱেশত হাজাৰ হাজাৰ কর্মীৰ ওচৰত এই কথা অকপটে স্বীকাৰ কৰিছে শীর্ষ নেতা কিমে৷ নেতাগৰাকীৰ এই বক্তব্যৰ পিছতে বিশেষজ্ঞসকলে ধাৰণা কৰিছে যে এটা দশক উত্তৰ কোৰিয়াক শাসন কৰা কিমৰ বাবে অতি কঠিন মুহূর্ত আহি পৰিছে৷ বিগত কেইবাটাও দশক ধৰি উত্তৰ কোৰিয়াত কিম বংশই চলাই থকা অপশাসনৰ ফলত দেশখনৰ অর্থনীতি বিধ্বস্ত হৈছে৷ শেহতীয়াকৈ ক’ৰোনা ভাইৰাছ লকডাউনে দেশখনৰ অর্থনীতিত প্রতিকূল প্রভাৱ পেলোৱা বুলি ধাৰণা কৰিছে আমেৰিকা আৰু দক্ষিণ কোৰিয়াৰ বিশেষজ্ঞসকলে৷

লক্ষণীয়ভাৱে আমেৰিকা আৰু ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদৰ কঠোৰ নিষেধাজ্ঞাৰ ফলতো উত্তৰ কোৰিয়াৰ অর্থনীতিত চলি আছে বিপর্যয়৷ অৱশ্যে অতি শোচনীয় অর্থনৈতিক পৰিস্থিতি সত্ত্বেও কিমে সকলো প্রত্যাহ্বান গ্রহণ কৰি জনসাধাৰণৰ জীৱন ধাৰণৰ মান উন্নত কৰিব লাগিব বুলি ঘোষণা কৰিছে৷ উত্তৰ কোৰিয়াবাসীয়ে এই কঠিন সময়ৰ প্রত্যাহ্বান সাহসেৰে গ্রহণ কৰিব লাগিব বুলিও নেতাগৰাকীয়ে উল্লেখ কৰিছে৷

You might also like