নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘দেশ’–‘বিন্দাছ’সহ ৮০০ ভাৰতীয় শব্দ সোমাল অক্সফ’ৰ্ড অভিধানত

নিয়মীয়া বাৰ্তা, ২ফেব্ৰুৱাৰীঃ অক্সফ’ৰ্ডৰ অভিধানত স্থান লাভ কৰিলে মুঠ ৮০০টা ভাৰতীয় শব্দই৷ এই তালিকাত আছে ‘দেশ’, ‘বিন্দাছ’, ‘দিয়া’ৰ দৰে বহু ভাৰতীয় শব্দ৷ ব্রিটিছ অভিধানৰ তৰফৰ পৰা জনোৱা হৈছে যে ইংলেণ্ড আৰু আমেৰিকাৰ পিছত ভাৰতীয় ইংৰাজীক অক্সফ’ৰ্ডৰ তৰফৰ পৰা অধিক গুৰুত্ব প্রদান কৰি অহা হৈছে৷ অৱশ্যে লিখিত অভিধানত নহয়, এই ভাৰতীয় শব্দবোৰ অক্সফ’ৰ্ডৰ অডিঅ’ অভিধানতহে স্থান লাভ কৰিবলৈ সক্ষম হৈছে৷ ভাৰতৰ উপৰি মুঠ ১৬খন দেশৰ ইংৰাজী শব্দ ৰখা হৈছে অক্সফ’ৰ্ডৰ এই অডিঅ’ অভিধানত৷ ২০১৬ চনৰ পৰা অক্সফ’ৰ্ড ইউনিভাৰছিটী প্রেছৰ তৰফৰ পৰা এই অডিঅ’ অভিধান প্রস্তুত কৰি অহা হৈছে৷

You might also like