নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সংকটজর্জৰ পাকিস্তানত শীঘ্রে বন্ধ হ’ব ইণ্টাৰনেট সেৱা

নিয়মীয়া বাৰ্তা, ২ জুলাই:  কেইমাহমান পূর্বে দ্বীপ ৰাষ্ট্র শ্রীলংকাত যি সংকটৰ সৃষ্টি হৈছিল, সেই অনুৰূপ সংকটে দেখা দিব পাকিস্তানত৷ ইতিমধ্যে সেই পথেৰেই অগ্রসৰ হৈছে পাকিস্তান৷ ক্রমশঃ আর্থিক সংকটত ডুবিছে ইছলামাবাদ৷ এনে পৰিস্থিতিত এইবাৰ দেশজুৰি ম’বাইল আৰু ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়াৰ চিন্তা–চর্চা চলাইছে পাক চৰকাৰে৷ দেশখনৰ ৰাষ্ট্রীয় তথ্য প্রযুক্তি ব’র্ডে ইতিমধ্যে চৰকাৰক এই বিষয়টো চিন্তা কৰিবলৈ আহ্বান জনাইছে৷ ইফালে, প্রধানমন্ত্রী শ্বেহৱাজ শ্বৰীফে দেশবাসীক জনাইছে যে চলিত মাহৰ পৰাই দৈনিক বিদ্যুৎ সেৱা বন্ধৰ পৰিমাণ আৰু বৃদ্ধি পাব৷ ৰাষ্ট্রীয় তথ্য–প্রযুক্তি ব’ডৰ পৰা দেশৰ টেলিকম সংস্থাসমূহক সতর্ক কৰি দিয়া হৈছে যে দেশজুৰি দীর্ঘ সময়ৰ বাবে বিদ্যুৎ যোগানৰ বাধাৰ ফলত পৰিস্থিতি অধিক জটিল হোৱাৰ আশংকাই দেখা দিছে৷ গতিকে ম’বাইল, ইণ্টাৰনেট আদি সেৱাসমূহ সঠিকভাৱে চলোৱাটো কঠিন হৈ উঠিছে৷ ইফালে, বিদ্যুৎ সংকটে পাকিস্তানক জর্জৰিত কৰাৰ পিছতে শ্রীলংকাৰ দৰে পৰিস্থিতি শীঘ্রে উদ্ভৱ হ’ব বুলি আশংকা কৰিছে অর্থনীতিবিদসকলে৷

You might also like