নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিৰাপত্তা পৰিষদত অন্তর্ভুক্ত হ’বলৈ আৰু কিমান দিন অপেক্ষা কৰিব ভাৰতে

নিয়মীয়া বাৰ্তা, ২৭ ছেপ্টেম্বৰঃ বিশ্বৰ সর্বোচ্চ সংস্থা ৰাষ্ট্রসংঘৰ দ্রুত সংস্কাৰৰ বলিষ্ঠ আহ্বানেৰে সংস্থাটোত ভাৰতৰ বৃহৎ ভূমিকাৰ দাবী তোলে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ ৰাষ্ট্রসংঘৰ ৭৫সংখ্যক প্রতিষ্ঠা দিৱস উপলক্ষে ৰাষ্ট্রসংঘৰ সাধাৰণ পৰিষদক সম্বোধন কৰি প্রধানমন্ত্রী মোদীয়ে কয়– ৰাষ্ট্রসংঘৰ বৈশিষ্ট্যৰ শীঘ্রে সংস্কাৰ হ’ব লাগে৷ কালি ভাৰতৰ জনতাই সংস্কাৰ প্রক্রিয়া কেতিয়া সামৰণি পৰিব, তাক লৈ উদ্বিগ্ণতাৰে বাট চাই আছে৷ কিমান দিনলৈ ভাৰতক ৰাষ্ট্রসংঘৰ সিদ্ধান্ত গ্রহণকাৰী গাঁথনিৰ পৰা আঁতৰাই ৰাখিব৷ অর্থাৎ নিৰাপত্তা পৰিষদত ভাৰত অন্তর্ভুক্ত হ’বলৈ কিমান দিন অপেক্ষা কৰিব লাগিব? ভাৰতৰ ঐতিহ্যক উত্থাপন কৰি প্রধানমন্ত্রী মোদীয়ে কয়– এই দেশ হৈছে বিশ্বৰ বৃহত্তম গণতান্ত্রিক দেশ৷

বিশ্বৰ জনসংখ্যাৰ ১৮ শতাংশই এই দেশত আছে৷ এই দেশখনত আছে কেইবাশ ভাষা–উপভাষা, অনেক সম্প্রদায় আৰু অনেক আদর্শ৷ এইখন দেশেই শতিকা শতিকা ধৰি আন্তর্জাতিক অর্থনীতিক নেতৃত্ব দি আহিছে, যিখন দেশ কেইবাশ বছৰ ধৰি বিদেশৰ শাসনত আছিল৷ তদুপৰি প্রধানমন্ত্রী মোদীয়ে কয় যে যি আদর্শৰ ভিত্তিত ৰাষ্ট্রসংঘৰ প্রতিষ্ঠা হৈছিল, সেই একে আদর্শৰেই ভাৰত৷ নিজৰ বুনিয়াদী দর্শন তত্ত্বৰ পৰা পৃথক নহয়৷ বসুধৈব কুটুম্বকম, সমগ্র বিশ্বই এটি পৰিয়াল৷ ৰাষ্ট্রসংঘয়ো এই আধাৰতেই স্থাপিত৷ প্রধানমন্ত্রীগৰাকীয়ে পুনৰ কয়– আমি সমগ্র বিশ্বক এক পৰিয়াল হিচাপে বিবেচনা কৰোঁ৷ ই হৈছে আমাৰ সংস্কৃতি, বৈশিষ্ট্য আৰু ধাৰণাৰ অংক৷ ৰাষ্ট্রসংঘও একেই৷ ভাৰতে সদায়ে সমগ্র বিশ্বৰ কল্যাণক প্রাধান্য দি আহিছে৷ ভাৰত এখন দেশ, যিয়ে ৫০ শান্তিৰক্ষা অভিযানত সাহসী সৈনিক প্রেৰণ কৰিছে৷ শান্তি প্রতিষ্ঠা কৰাৰ কাৰণে বৃহৎসংখ্যক সাহসী সেনাই প্রাণ হেৰুওৱা দেশ ভাৰত৷

কালি সেয়েহে প্রতিগৰাকী ভাৰতীয়ই ৰাষ্ট্রসংঘত দেশখনৰ অৱদানৰ কথা ভাবি ৰাষ্ট্রসংঘত ভাৰতৰ বৃহৎ ভূমিকাক আকাংক্ষা কৰে৷ আনপিনে, কালান্তক ক’ৰোনা মহামাৰীৰ সংকটৰ পৰা বিশ্বক মুক্ত কৰিবলৈ সহযোগিতাৰ আশ্বাস দি প্রধানমন্ত্রী মোদীয়ে কয় যে এই সংকটৰ সময়ত দেশৰ ফার্মা উদ্যোগে ১৫০তকৈও অধিক দেশক অত্যাৱশ্যকীয় ঔষধ প্রেৰণ কৰিছে৷ বিশ্বৰ বৃহত্তম ভেকচিন উৎপাদনকাৰী দেশ হিচাপে ভাৰতে ভেকচিন উৎপাদন আৰু যোগান সক্ষমতাৰে সংকটৰ সময়ত সমগ্র মানৱ জাতিক সহায় কৰিব বুলিও কয় প্রধানমন্ত্রীগৰাকীয়ে৷

উল্লেখ্য যে প্রধানমন্ত্রীৰ এই ভাচুৱেল ভাষণ ইতিপূর্বে ৰেকর্ড কৰি ৰাষ্ট্রসংঘলৈ পঠিওৱা হৈছিল৷ সেই ৰেকর্ড কৰা ভাষণেৰে ৰাষ্ট্রসংঘৰ সাধাৰণ পৰিষদত  সন্ধিয়া প্রধানমন্ত্রীগৰাকীয়ে সম্বোধন কৰে৷

You might also like