নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

WFI অধ্যক্ষ তথা বিজেপি সাংসদৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ বিনেশ ফ’গাটৰ, যন্তৰ মন্তৰত মল্লযুঁজাৰুৰ প্ৰতিবাদ

নিয়মীয়া বাৰ্তা, ১৮জানুৱাৰী: আজি যন্তৰ মন্তৰত ভাৰতৰ মল্লযুঁজ ফেডাৰেচনৰ (WFI)সভাপতি ব্রিজভূষণ শৰণ সিঙৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে দেশৰ শীৰ্ষ মল্লযুঁজাৰুসকলে। মল্লযুঁজাৰুসকলে তেওঁৰ বিৰুদ্ধে মহিলা খেলুৱৈক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰিছে। এই বিষয়ত মল্লযুঁজাৰু বিনেশ ফ’গাটে কয় যে অধ্যক্ষ সলনি নোহোৱালৈকে এই ধৰ্মঘট অব্যাহত থাকিব। উল্লেখ্য যে ডব্লিউ এফ আইৰ (WFI) অধ্যক্ষ ব্রিজভূষণ সিং বিজেপিৰ এজন সাংসদো৷

ভাৰতীয় মল্লযুঁজাৰু তথা অলিম্পিয়ান বিনেশ ফ’গাটে কয় যে মহিলা মল্লযুঁজাৰুসকলে বহু সমস্যাৰ সন্মুখীন হয়, মল্লযুঁজাৰু সন্থাৰ অধ্যক্ষগৰাকীয়ে মহিলা খেলুৱৈক শোষণ কৰি আহিছে। ফেডাৰেচনে খেলুৱৈসকলক বলপূৰ্বকভাৱে নিষিদ্ধ কৰে, যাতে খেলুৱৈজনে খেলিব নোৱাৰে। কোনো খেলুৱৈৰ কিবা এটা হ’লে তাৰ বাবে মল্লযুঁজ সন্থাৰ অধ্যক্ষ দায়বদ্ধ হ’ব। ইপিনে অলিম্পিক গেমছত জয়ী হোৱা সাক্ষী মালিক আৰু বজৰং পুনিয়াৰ দৰে খেলুৱৈও যন্তৰ মন্তৰত এই প্ৰতিবাদত জড়িত আছিল। প্ৰায় দুই ডজন মল্লযুঁজাৰুৱে আজি এই ধৰ্মঘটত অংশ লৈছিল।

বিনেশ ফ’গাটে অভিযোগ কৰে যে ফেডাৰেচনৰ বিশেষ প্ৰশিক্ষকে ৰাষ্ট্ৰীয় শিবিৰত মহিলা খেলুৱৈক যৌন শোষণ কৰে। অভিযোগৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ কৰা নহয়। অধ্যক্ষগৰাকীয়ে বহু মহিলা খেলুৱৈকো শোষণ কৰিছে। লক্ষ্ণৌত আমাৰ শিবিৰবোৰ আয়োজন কৰা হয় যাতে তেওঁলোকে আমাক নিজৰ ঘৰত শোষণ কৰিব পাৰে, তেওঁলোকে আমাৰ ব্যক্তিগত জীৱনতো হস্তক্ষেপ কৰে।

ফ’গাটে লগতে কয় যে টকিঅ’ অলিম্পিকৰ পিছত মই প্ৰধানমন্ত্ৰীৰ ওচৰতো অভিযোগ কৰিছিলো, তেওঁ এই বিষয়ে ব্যৱস্থা গ্ৰহণ কৰা হব বুলি কৈছিল, কিন্তু তাৰ পিছত এছ’চিয়েশ্যনে মোক নিলম্বন কৰিবলৈ চেষ্টা কৰিছিল। মোৰ জীৱনলৈও এতিয়া মৃত্যুৰ ভাবুকি আহিছে। ইপিনে ফেডাৰেচনৰ সহকাৰী সম্পাদক বিনোদ টৌমৰৰ কোটি টকাৰ সম্পত্তি আছে, ইয়াৰো তদন্ত হ’ব লাগে। ইমান ধন কিজানি অলিম্পিকৰ পদক বিজয়ীগৰাকীৰ হাততো নাই।

You might also like