নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনাত আক্ৰান্ত শচীন তেণ্ডুলকাৰক হাস্পতালত ভৰ্তি

নিয়মীয়া বাৰ্তা, ২ এপ্ৰিলঃ ক’ৰোনা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত কিংবদন্তি ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। তেওঁ নিজে এই তথ্য টুইট কৰি জনাইছে।

এক টুইটত ক্ৰিকেটাৰগৰাকীয়ে কয়, “চিকিৎসকৰ পৰামৰ্শ মতে মই চিকিৎসালয়ত ভৰ্তি হৈছো। মই সোনকালে চিকিৎসালয়ৰ পৰা উভতি আহিম।’

ক’ৰোনাৰ দ্বাৰা যোৱা ২৭ মাৰ্চত সংক্ৰমিত হৈছিল প্ৰাক্তন ক্ৰিকেটাৰগৰাকী। ক’ৰোনা পজিটিভ হোৱাৰ পিছত শচীন তেণ্ডুলকাৰে নিজ ঘৰতে কোৱাৰেণ্টাইন হৈ আছিল। কিন্তু নতুন প্ৰকাৰৰ ক’ৰোনা ভাইৰাছত আক্ৰান্ত হোৱাৰ বাবে চিকিৎসকে তেওঁক হাস্পতালত ভৰ্তি হোৱাৰ পৰামৰ্শ দিয়ে।

অৱশ্যে, তেওঁৰ স্বাস্থ্য সম্প্ৰতি সম্পূৰ্ণ সুস্থ বুলি উল্লেখ কৰিছে চিকিৎসা কৰ্তৃপক্ষই।

You might also like