নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভূমিকম্পৰ পাছত ধ্বংসস্তূপত উদ্ধাৰকার্য চলাব এন্দুৰে

নিয়মীয়া বাৰ্তা, ২ ডিচেম্বৰ: ভূমিকম্পৰ পাছত ধ্বংসস্তূপত তৎপৰতাৰে উদ্ধাৰ অভিযান চলোৱা যথেষ্ট কঠিন হৈ পৰে৷ এই সমস্যাৰ সমাধান কৰিবলৈ এইবাৰ আগবাঢ়ি আহিছে বেলজিয়ামৰ এটা সংস্থা ‘এপোপো’৷ ধ্বংসস্তূপৰ তলত আবদ্ধ হৈ থকা লোকসকলক উদ্ধাৰ কৰিবলৈ এইবাৰ এন্দুৰক প্রশিক্ষণ দিছে ইয়াৰ বিশেষজ্ঞসকলে৷ এন্দুৰৰ জৰিয়তে প্রযুক্তিৰ সফল ব্যৱহাৰ কৰি ধ্বংসস্তূপত আবদ্ধ হৈ থকা লোকজনৰ অৱস্থান লেপটপত ধৰা পেলাব উদ্ধাৰকাৰীয়ে৷ ইয়াৰ বাবে এন্দুৰৰ পিঠিত থাকিব বিভিন্ন যন্ত্রপাতিৰ এখন সৰু মোনা৷ ইতিমধ্যে পৰীক্ষামূলকভাৱে ইয়াৰ ব্যৱহাৰ কৰা বুলি সংবাদ মাধ্যমক জনাইছে বিশেষজ্ঞসকলে৷

You might also like