নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উত্তৰ প্ৰদেশত পুনৰ বলাৎকাৰৰ ঘটনা, আত্মহত্যা নাবালিকাৰ

নিয়মীয়া বাৰ্তা, ১৪ অক্টোবৰঃ হাথৰছ কাণ্ডৰ উত্তেজনা দেশজুৰি চলি থকাৰ সময়তে পুনৰ খবৰৰ শিৰোনাম দখল কৰিছে যোগী ৰাজ্যই। এইবাৰ ঘটনাৰ স্থান প্রতাপগড়। বাৰেবাৰে যৌন নিৰ্যাতনৰ চিকাৰ হৈ অৱশেষত আত্মঘাতী হয় এগৰাকী নাবালিকা। এই ঘটনাটো ঘটিছে বাঘৰাই অঞ্চলত। ইতিমধ্যে আৰক্ষীয়ে তদন্ত কৰি এজনক গ্রেপ্তাৰ কৰিছে। লগতে আন অভিযুক্তক বিচাৰি আৰক্ষীয়ে আৰম্ভ কৰিছে অভিযান।

আৰক্ষী সূত্রৰ খবৰ মতে, একেই গাঁৱৰে ৩ যুৱকৰ হাতত ধৰ্ষণৰ বলি হৈ মানসিক ভাবে ভাঙি পৰিছিল ভুক্তভুগী যুৱতীগৰাকী। শেষত আত্মহত্যা কৰে নাবালিকাগৰাকীয়ে।

ইপিনে যোগী ৰাজ্যত এটাৰ পাছত এটাকৈ হোৱা এনে ঘটনাই স্বাভাবিকভাবেই চাঞ্চল্য সৃষ্টি কৰিছে সকলো লোকৰ মাজত। যাৰ বাবে ৰাজ্যখনৰ প্রশাসনিক ব্যৱস্থাটোক লৈও প্রশ্ন তুলিছে বহুলোকে।

You might also like