নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিবাহ বিচ্ছেদে বিধ্বস্ত কৰি পেলাইছিল ৱাৰ্ণেৰ জীৱন

পত্নীৰ সৈতে ২০০৫ চনত বিবাহ বিচ্ছেদ হোৱাৰ পাছত ধ্বংস হৈ গৈছিল অষ্ট্ৰেলিয়াৰ প্ৰাক্তন স্পীন বলাৰ ছেন ৱাৰ্ণেই। ইংলেণ্ডত খেল শৃংখলা আৰম্ভ হোৱাৰ সময়তে ৱাৰ্ণেক এৰি গুচি গৈছিল পত্নী ছিমোন কলাহানে। তেনে সময়ত সুৰাৰ নিচাত ডুব গৈ আপোন পাহৰা হোৱাৰ বাদে আন একো উপায় নাছিল খেলুৱৈগৰাকীৰ। পত্নীয়ে তিনি সন্তানক লৈ গুচি যোৱাৰ পাছত সন্তানক নেদেখাৰ দুখত ভংগুৰ হৈ গৈছিল তেওঁৰ জীৱন।


তাৰ পৰা পৰিত্ৰাণ পাবলৈ তেওঁ লৈছিল সুৰাৰ সহায়। সেইবেলি ইংলেণ্ডৰ সৈতে অষ্ট্ৰেলিয়াৰ শৃংখলাত ৱাৰ্ণেই ৫খন মেছত ৪০টা উইকেট লৈছিল। স্কুলীয়া ছাত্ৰীৰ পৰা আৰম্ভ কৰি ৩টা শিশুৰ মাকৰ সৈতেও অবৈধ সম্পৰ্ক চলি থকাৰ বাবেই পাৰিবাৰিক অশান্তিৰ সৃষ্টি হোৱা বুলি তেতিয়া বৰ বৰ হৰফেৰে মছলাজাতীয় বাতৰি ওলাইছিল কাকতত। শেহতীয়াকৈ নিজৰ জীৱন আধাৰিত তথ্যচিত্ৰ এখনত এই আটাইবোৰ কথা স্বীকাৰ কৰিছে বলাৰগৰাকীয়ে। বিবাহ বিচ্ছেদৰ বাবে সন্তানৰ জীৱনতো যথেষ্ট প্ৰভাৱ পৰাৰ কথা মুকলিকৈ কয় তেওঁ।

You might also like