নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভয়াৱহ দুর্ভিক্ষৰ কবলত পৰিব পাৰে ছোমালিয়া: ছেভ দ্য চিলড্রেন

নিয়মীয়া বাৰ্তা ১৩ এপ্ৰিলঃ  আফ্রিকান ৰাষ্ট্র ছোমালিয়াত পুনৰ দুর্ভিক্ষৰ আশংকা কৰিছে কেইবাটাও আন্তর্জাতিক সংস্থাই৷ দেশখনত ফৰিঙৰ অভাৱনীয় উপদ্রৱ, প্রতিকূল বতৰ আৰু কৃষিক্ষেত্রত আহি পৰা সংকটৰ বাবে কেইবানিযুতো লোক দুর্ভিক্ষৰ কবলত পৰিব বুলি ঘোষণা কৰিছে ছেভ দ্য চিলড্রেন নামৰ আন্তর্জাতিক সংস্থাটোৱে৷ সংস্থাটোৰ প্রতিবেদন অনুসৰি ছোমালিয়াত খাদ্যশস্য তথা শাক–পাচলিৰ উৎপাদন ৮০ শতাংশলৈ হ্রাস পোৱাৰ সম্ভাৱনা আছে চলিত বর্ষত৷

ইফালে, পশুপালনৰ পৰাও উপার্জন যথেষ্ট পৰিমাণে হ্রাস পাইছে৷ স্মর্তব্য যে পশুপালন হৈছে ছোমালিয়াৰ গ্রামাঞ্চলৰ লোকসকলৰ অর্থনীতিৰ বুনিয়াদ৷ কিন্তু চলিত বর্ষত ইয়াৰ পৰা উপার্জন ৫৫ শতাংশ হ্রাস পোৱাৰ আশংকা আছে৷ গতিকে বর্ষটোৰ শেষৰ ফালে দেশখনত কেইবানিযুতো লোকৰ জীৱনলৈ নামি আহিব সংকট৷ সংস্থাটোৰ প্রতিবেদনত উল্লেখ পোৱা অনুসৰি দেশখনৰ মাতৃসকলে তেওঁলোকৰ শিশুক ২৪ ঘণ্টাত মাত্র এবাৰহে আহাৰ যোগান ধৰিব পাৰিছে৷ এই শিশুবোৰৰ গৰিষ্ঠসংখ্যকেই এতিয়া চিকাৰ হৈছে পুষ্টিহীনতাৰ৷ গতিকে সংঘর্ষজর্জৰ দেশখনত পুনৰ দুর্ভিক্ষই এক নতুন সংকট হিচাপে থিয় দিয়াৰ সম্ভাৱনা আছে৷

You might also like