নিউজ ডেস্ক, ৮ মে’ : দেশৰ অদম্য নাৰীশক্তিৰ প্রতীক ছোফিয়া–ব্যোমিকা । ‘অপাৰেচন সিন্দূৰ’ৰ পিছতে দুই মহিলা সেনা বিষয়াক লৈ সম্প্ৰতি চর্চা চলিছে। ‘অপাৰেচন সিন্দূৰ’ৰ জৰিয়তে পেহেলগামৰ প্রত্যাঘাত কৰিছে ভাৰতে৷ পাকিস্তানী সন্ত্রাসবাদীৰ ঘাটি ধ্বংস কৰি ভাৰতে নিজৰ শক্তিৰ পৰিচয় দাঙি ধৰিছে৷ এই অভিযানত সেনাৰ সাফল্যক লৈ সংবাদ মেলত বিভিন্ন মন্তব্য আগবঢ়াইছে দুই মহিলা কমাণ্ডাৰে৷ নাৰী শক্তিৰ সন্মুখতেই পাক সন্ত্রাসবাদীয়ে এশিকনি লাভ কৰা বুলি বিভিন্ন মহলে দাবী কৰিছে৷ শেহতীয়াকৈ সেনাৰ দুই মহিলা কমাণ্ডাৰক লৈ দেশত ব্যাপক চর্চা চলিছে৷ এই দুই মহিলা কমাণ্ডাৰ হৈছে কর্নেল ছোফিয়া কুৰেশ্বী আৰু উইং কমাণ্ডাৰ ব্যোমিকা সিং৷ দুয়োগৰাকীয়েই স্থলসেনা আৰু বায়ুসেনাত সন্মানীয় পদবী দখল কৰি আছে৷ ভাৰতীয় সেনাৰ ছিগনেল ক’ৰ্পৰেল ছোফিয়া আৰু উইং কমাণ্ডাৰ ব্যোমিকা সিং ভাৰতীয় নাৰী শক্তিৰ প্রতীক হৈ পৰিছে অপাৰেচন সিন্দূৰৰ পিছত৷ দুয়োগৰাকী মহিলাই এই অভিযানৰ সবিশেষ তথ্য কালি যুক্তিসহকাৰে সংবাদ মেলত তুলি ধৰে৷ ইয়াৰ পিছতে দেশবাসীৰ বাবে প্রশংসাৰ পাত্র হৈ পৰিছে দুয়োগৰাকী মহিলা বিষয়া৷
Next Post