নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিদেশৰ মাটিত ভাৰত-পাকিস্তানৰ সম্প্ৰীতি, পূজাৰা-ৰিজৱানে দৃষ্টি কাঢ়িছে

বিশেষ বাৰ্তা, ৩ মেঃ আন্তৰ্জাতিক ক্ৰিকেটৰ পৰা বাহিৰত থাকিলেও কাউণ্টীত সুন্দৰ ছন্দত আছে শ্বেটেশ্বৰ পূজাৰা। ছাছেক্সৰ হৈ তিনিখন মেচত দুটা দ্বি শতৰাণ আৰু এটা শতৰাণ অৰ্জন কৰিছে তেওঁ। তাত পাকিস্তানৰ উইকেটৰক্ষক মহম্মদ ৰিজৱানক সতীৰ্থ হিচাপে লাভ কৰিছে পূজাৰাই। ভাৰত আৰু পাকিস্তানৰ মাজত বন্ধ হৈ আছে দ্বিপাক্ষিক শৃংখলা। দুয়ো দেশৰ মাজত এতিয়া কেৱল আই চি চিৰ প্ৰতিযোগিতাৰ মেচহে খেলোৱা হৈছে। কিন্তু কাউণ্টীত দেখা গৈছে আন এখন ছবি। অনুশীলনৰ সময়ত দুই চিৰবৈৰী দেশৰ ক্ৰিকেটাৰ দুজনে সুন্দৰ সময় অতিবাহিত কৰিছে। ডাৰহামৰ বিৰুদ্ধে তৃতীয় দিনাৰ খেল আৰম্ভ হোৱাৰ পূৰ্বে অনুশীলনৰ সময়ত দুয়োকে অন্তৰংগ অৱস্থাত দেখা যায়। তেওঁলোকৰ মাজত কি কথা হৈছে সেয়া জনা নাযায় যদিও ভিডিঅ’ চৌদিশে বিয়পি পৰিছে। বিদেশৰ মাটিত এইদৰে ভাৰত-পাকিস্তানৰ সম্প্ৰীতি গঢ়ি উঠাত চৰ্চালৈ আহিছে ভিডিঅ’টো।

You might also like