নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৭.৮ প্ৰাবল্যৰ ভূমিকম্পত কঁপি উঠিল তুৰস্ক; ১৫৯ জন লোক নিহত, হাজাৰৰো অধিক আহত, ছিৰিয়াতো ধ্বংসলীলা

নিয়মীয়া বাৰ্তা, ৬ ফেব্ৰুবাৰী: তীব্ৰ ভূমিকম্পই জোকাৰি যায় তুৰস্ক। চৌদিশে দেখা গৈছে কেৱল ধ্বংসৰ দৃশ্য। মৃত্যুৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। এই পৰ্যন্ত চৰ্চালৈ আহিছে ১৫৯ জন লোকৰ মৃত্যুৰ খবৰ। একে সময়তে হাজাৰৰো অধিক লোক আহত হোৱা বুলি কোৱা হৈছে। নিহতসকলৰ অধিকাংশই মাল্টা আৰু ছানলুইৰফাৰ। তুৰস্কৰ আডানা চহৰত ১৭ মহলীয়া আৰু ১৪ মহলীয়া অট্টালিকা ভাঙি পৰে।

একে সময়তে বিএনঅ’ নিউজৰ মতে ছিৰিয়াতো বৃহৎ ক্ষতিসাধন হৈছে। এই পৰ্যন্ত ইয়াত ৬ জন লোকৰ মৃত্যু হৈছে আৰু ২০০ জন লোক আহত হৈছে। তুৰস্কত এই ভূমিকম্পৰ তীব্ৰতা ৰিখটাৰ স্কেলত ৭.৮ বুলি জনা গৈছে। এই ভূমিকম্প দক্ষিণ তুৰস্কত সংঘটিত হৈছিল। ইয়াত বহু এপাৰ্টমেণ্ট ভাঙি গৈছে। মানুহক সুৰক্ষিত স্থানলৈ স্থানান্তৰিত হ’বলৈ কোৱা হৈছে। একে সময়তে ভূমিকম্পৰ পিছত তুৰস্কই আন্তঃৰাষ্ট্ৰীয় সহায়ৰ বাবে আবেদন জনাইছে। হাবাৰ্টুৰ্ক টেলিভিছনৰ বাতৰি অনুসৰি চুবুৰীয়া প্ৰদেশ মালাটিয়া, দিয়াৰবাকিৰ আৰু মালাটিয়াত কেইবাটাও অট্টালিকা ভাঙি গৈছে।

You might also like