নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অযোধ্যা গোচৰত পুনৰ বিচাৰ আৱেদন নকৰে ছুন্নী ৱাকৰ্ফ ব’ৰ্ডে

নিয়মীয়া বাৰ্তা ২৬ নৱেম্বৰঃ অযোধ্যা বিবাদৰ ওপৰত মঙলবাৰে চুন্নী ৱাকৰ্ফ ব’ৰ্ডে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। ব’ৰ্ডে উচ্চতম ন্যায়ালয়ে অযোধ্যা ৰায়ৰ গোচৰৰ ওপৰত কোনো ধৰণৰ পুনৰ বিচাৰৰ বাবে আবেদন নজনায়। উত্তৰ প্ৰদেশ চুন্নী ৱাৰ্কফ ব’ৰ্ডৰ বৈঠকত সাত জনৰ ভিতৰত ছয় জন জনেই পুনৰ বিচাৰ আৱেদন দাখিল কৰাৰ পক্ষত নাছিল। ব’ৰ্ডে কেৱল এজন সদস্যই পুনৰ বিচাৰ দাখিল কৰাৰ পক্ষত আছিল।

উক্ত বৈঠকতেই উচ্চতম ন্যায়ালয়ে প্ৰদান কৰা অযোধ্যা ৰায়ৰ ওপৰত আলোচনা কৰা হয়। লগতে ব’ৰ্ডে কয় যে পাঁচ একৰ ভূমিৰ ওপৰত যেতিয়া চৰকাৰে সেউজ সংকেত দিব তেতিয়া ব’ৰ্ডে চিন্তা কৰিব।

You might also like