নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কন্দাৰ বাবেই নিজ কন্যাক হত্যা মাতৃৰ

নিয়মীয়া বাৰ্তা, ২৪ নৱেম্বৰঃ তামিলনাডুৰ ভেল্লোৰ জিলাৰ ৱালাজাপেট অঞ্চলত অহৰহ কান্দি থকাৰ বাবে এগৰাকী মাতৃয়ে নিজ কন্যাক হত্যা কৰাৰ দৰে লোমহৰ্ষক ঘটনা সংঘটিত হৈছে । শনিবাৰে আৰক্ষী সূত্ৰে প্ৰকাশ পোৱা মতে বহু সময় ধৰি একেৰাহে কান্দি থকা বাবে ২৫ বছৰীয়া এগৰাকী মাতৃয়ে তেওঁৰ ১৮ মহীয়া কন্যাক নিৰ্মমভাৱে হত্যা কৰে । চেন্নাইৰ পৰা ১০৮ কিলোমিটাৰ দূৰত্বত অৱস্থিত ৱালাজাপেটৰ জি প্ৰতিভা নামৰ মহিলাগৰাকীক নিজ কন্যাক হত্যাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । উল্লেখ্য যে, কাঞ্চিপুৰমৰ এখন ব্যক্তিগত বস্ত্ৰ বিপণীত কৰ্মৰত এই মহিলাগৰাকীয়ে বহু সময় ধৰি কান্দি থকা শিশু কন্যাগৰাকীৰ নাকত এখন শ্বলেৰে হেঁচি ধৰি হত্যা কৰে ।

You might also like