নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাশ্মীৰত হিজবুলৰ কমাণ্ডাৰসহ গ্রেপ্তাৰ ২

নিয়মীয়া বাৰ্তা, ১২ জানুৱাৰীঃ জম্মু–কাশ্মীৰত আজি হিজবুল মুজাহিদীনৰ দুর্ধর্ষ কমাণ্ডাৰসহ দুই সন্ত্রাসবাদীক সেনাই গ্রেপ্তাৰ কৰিছে৷ দক্ষিণ কাশ্মীৰৰ অনন্তনাগত শনিবাৰে সেনাই অভিযান চলাই সন্ত্রাসবাদী দুটাৰ লগতে অস্ত্র–শস্ত্র আৰু বিস্ফোৰক সামগ্রীও জব্দ কৰে৷ ছঈদ নাভেদ ওৰফে নাভেদ বাবু হ’ল কুলগাম জিলাৰ নাজনীনপৰাৰ নিৱাসী৷

সন্ত্রাসবাদী দুটাক হিজবুল মুজাহিদীনে অঞ্চলটোত কূটাঘাতমূলক কার্য সংঘটিত কৰিবলৈ দায়িত্ব দিছিল৷ দক্ষিণ কাশ্মীৰৰ বহুকেইটা আক্রমণত নাভেদ জড়িত আছিল৷ সেনাই গ্রেপ্তাৰ কৰা দ্বিতীয়টো সন্ত্রাসবাদীক ৰফি আহমেদ বুলি চিনাক্ত কৰা হৈছে৷

You might also like