নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাফাইকৰ্মী চাকৰিৰ বাবে ৭ হাজাৰ অভিযন্তা আৰু স্নাতক ডিগ্ৰীধাৰীৰ আবেদন

নিয়মীয়া বাৰ্তা, ২৯ নৱেম্বৰঃ এক তথ্যই পোহৰলৈ আনিছে দেশত নিৱনুৱা সংখ্যা কিমান বৃদ্ধি পাইছে । শেহতীয়াকৈ ৫৪৯ টা চৰকাৰী চাফাইকৰ্মী চাকৰিৰ বাবে তামিলনাডুত আবেদন কৰিছে ৭ হাজাৰ অভিযন্তা আৰু স্নাতক ডিগ্ৰীধাৰী যুৱক-যুৱতীয়ে । ইয়াৰ ভিতৰত বেছি সংখ্যকেই অভিযন্তা আৰু স্নাতক ডিগ্ৰীধাৰী যুৱক-যুৱতী । ইপিনে ইয়াৰে কিছুসংখ্যক আবেদনকাৰীয়ে বৰ্তমান কোনো ব্যক্তিগত কোম্পানীত কাম কৰি আছে । কিন্তু এইসকল আবেদনকাৰীয়ে ব্যক্তিগত কোম্পানীৰ দৰমহাতকৈ মাহে ১৫,৭০০ টকা লাভ কৰা এই চৰকাৰী চাকৰিটোক বেছি গুৰুত্ব সহকাৰে লৈছে । আনহাতে বৰ্তমানো ১০ বছৰ পুৰণি যিসকল অস্থায়ী ভাৱে এই চাকৰিত কৰ্মৰত আছিল সেইসকলেও পুনৰ এই চাকৰিৰ বাবে আবেদন কৰিছে ।

You might also like