নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তীব্র জ্বৰৰ বাবে চীনৰ পৰা আহিব নোৱাৰিলে ভাৰতৰ ৬ ছাত্র

ক’ৰোনা ভাইৰাছঃ ৩২৪ ভাৰতীয় পালেহি দিল্লী

নিয়মীয়া বাৰ্তা, ২ ফেব্ৰুৱাৰীঃ চীনৰ য়ুহান চহৰৰ পৰা ভাৰতলৈ আহিব বিচৰা ক’ৰোনা ভাইৰাছত আক্রান্ত ছজন ভাৰতীয়ক আজি তীব্র জ্বৰৰ বাবে এয়াৰ ইণ্ডিয়াৰ বিশেষ বিমানৰ পৰা নমাই দিয়া হয়৷ আজি পুৱতি নিশা এয়াৰ ইণ্ডিয়াৰ বিশেষ বিমানযোগে ৩২৪জন অসহায় ভাৰতীয় নাগৰিক ভাৰতলৈ উভতি আহিছে৷ ইয়াৰে অধিকসংখ্যক ছাত্র–ছাত্রী৷ কিন্তু চীনৰ চৰকাৰী সূত্রই জনোৱা মতে, ভাৰতলৈ উভতি আহিবলগীয়া লোকসকলৰ ভিতৰত ছজন ছাত্রৰ অত্যন্ত জ্বৰ উঠাৰ বাবে চীনৰ প্রব্রজন বিষয়াই বিমানত উঠিবলৈ নিদিলে৷ এইকেইজন ছাত্রৰ স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰে কর্তৃপক্ষই৷ উল্লেখ্য যে আজি চীনৰ পৰা এয়াৰ ইণ্ডিয়াৰ বিশেষ বিমানেৰে ২১১গৰাকী ছাত্র–ছাত্রী, ১১০গৰাকী কর্মচাৰী আৰু তিনিটি শিশু পুৱা ৭.৩০ বজাত দিল্লীত উপস্থিত হয়

You might also like