নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিজামুদ্দিন মাৰ্কাজত দিল্লী আৰক্ষীৰ দল

নিয়মীয়া বাৰ্তা, ৬ এপ্ৰিলঃ দিল্লীৰ নিজামুদ্দিন মাৰ্কাজৰ তবলিগী জামাতত অংশ লৈ দেশৰ ভিন্ন প্ৰান্তৰ লগতে বিদেশৰো বহু সংখ্যক জামাতীয়ে দেশজুৰি যি ক’ৰোনা সংক্ৰমণ বিয়পাই দিলে , সেই ঘটনাক এতিয়া গুৰুত্ব সহকাৰে লৈছে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে । নিষেধাজ্ঞা থকা সত্বেও দেশৰ দুৰ্যোগৰ সময়ত একেলগে এই বৃহৎসংখ্যক জামাতী একগোট হোৱা আৰু লকডাউনৰ সময়ত আত্মগোপন কৰা বাবেই তেওঁলোকৰ পৰা এতিয়া দেশৰ ৩০ শতাংশতকৈও অধিক লোক ক’ভিড-১৯ ত আক্ৰান্ত হ’বলগীয়া হৈছে । এক কথাত মানৱ বোমা সদৃশ এইলোকসকলৰ পৰা এতিয়া দেশৰ ১৭ খন ৰাজ্যত বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা । এই মাৰ্কাজত যোৱা মাৰ্চ মাহৰ মধ্যভাগত অনুষ্ঠিত ধৰ্মীয় অনুষ্ঠানত অংশ লোৱা ইছলামিক সংস্থাৰ এই কাণ্ডৰ তদন্ত কৰিবলৈ দেওবাৰে দিল্লী আৰক্ষীৰ অপৰাধ অনুসন্ধান সংস্থাৰ দল নিজামুদ্দিন মাৰ্কাজত উপস্থিত হয় । উল্লেখ্য যে যোৱা এক এপ্ৰিলত দিল্লী আৰক্ষীয়ে নিজামুদ্দিন মাৰ্কাজৰ পৰা ২,৩০০ তকৈও অধিক লোকক উলিয়াই পঠিয়াইছিল । আইন অমান্য কৰি লকডাউনৰ সময়তএই বৃহৎসংখ্যক লোক কিয় এনেদৰে একত্ৰিত হৈছিল , ইয়াৰ আঁৰত অন কি কি উদ্দেশ্য থাকিব পাৰে, এই সন্দৰ্ভত অনুসন্ধান কৰিবলৈ অপৰাধ অনুসন্ধান সংস্থাৰ দলটোৱে তদন্ত আৰম্ভ কৰে । আনহাতে, ফৰেনছিকৰ এটা দলেও নিজামুদ্দিনত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে । ইতিমধ্যে তবলিগী জামাতৰ মুৰব্বী মৌলানা শ্বাদ আৰু আন বহু লোকৰ বিৰুদ্ধে মহামাৰী আইনৰ অধীনত গোচৰ ৰজু কৰা হৈছে । উল্লেখ্য যে, ,নিজামুদ্দিন মাৰ্কাজৰ জৰিয়তে দেশত চাৰি শতাধিক লোকৰ শৰীৰত ক’ৰোনা সংক্ৰমণ ঘটিছে আৰু ১৫ জন লোকৰ মৃত্যু হৈছে ।

You might also like