নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০২০ বৰ্ষৰ প্ৰথম দিনটোত ভাৰতত জন্ম প্ৰায় ৬৭ হাজাৰ শিশু

UNICEF–এ প্ৰকাশ কৰিছে এই তথ্য

নিয়মীয়া বাৰ্তা, ২ জানুৱাৰীঃ ২০২০ বৰ্ষৰ প্ৰথম দিনটোত ভাৰতত জন্ম ৬৭,৩৮৬টি শিশু। আনহাতে সমগ্ৰ বিশ্বজুৰি জন্ম হৈছে প্ৰায় ৪ লাখ শিশু। UNICEF–এ প্ৰকাশ কৰিছে এই তথ্য। প্ৰতিবছৰে UNICEF–এ পহিলা জানুৱাৰীৰ দিনটো Babies born on New Year Day হিচাপে পালন কৰে। UNICEFৰ মতে ২০২০ চনৰ প্ৰথম দিনটোত ৩,৯২,০৭৮টি শিশুৰ জন্ম হৈছে সমগ্ৰ বিশ্বত। ভাৰতত জন্ম হয় ৬৭,৩৮৫টি শিশুৰ আনহাতে দ্বিতীয় স্থানত আছে চীন। চীনত জন্মগ্ৰহণ কৰে ৪৬,২৯৯টি শিশুৱে। ২০২৭ চনৰ ভিতৰত ভাৰত বিশ্বৰ সৰ্বাধিক জনবহুল দেশ হিচাপে পৰিগণিত হ’ব বুলি ধাৰণা কৰা হৈছে। UNICEFৰ তথ্য মতে, বিগত তিনিটা দশকত বিশ্বত শিশুৰ জীৱনকাল বৃদ্ধি পাইছে।