নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্রেছত বিশাল শূন্যতাৰ সৃষ্টি কৰি শেষ নিশ্বাস ত্যাগ আহমদ পেটেলৰ

নিয়মীয়া বাৰ্তা, ২৬ নৱেম্বৰঃ কংগ্রেছত বিশাল শূন্যতাৰ সৃষ্টি কৰি কালি পুৱতিনিশা শেষ নিশ্বাস ত্যাগ কৰিলে গান্ধী পৰিয়ালৰ অতি বিশ্বস্ত আৰু দলটোৰ ৰণকৌশলৰ আঁৰত থকা অন্যতম মূল নেতা আহমদভাই মহম্মদভাই পেটেলে৷ ক’ৰোনা ভাইৰাছত আক্রান্ত হৈ তেওঁ গুৰগাঁৱৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল৷ যোৱা ১ অক্টোবৰত ক’ভিড টেষ্টত তেওঁৰ শৰীৰত ক’ৰোনা ভাইৰাছৰ সংক্রমণ ধৰা পৰিছিল৷ স্বাস্থ্যজনিত জটিলতাৰ বাবে পাছত তেওঁক গুৰগাঁৱৰ মেদান্তা মেডিচিটী হাস্পতালত ভর্তি কৰোৱা হৈছিল৷ অৱশেষত  পুৱতিনিশা ৩.৩০ বজাত জীৱন যুঁজত হাৰ মানে আহমদ পেটেলে৷ ৭১ বছৰীয়া পেটেলেৰ পুত্র ফাইজালে টুইটাৰযোগে পিতৃৰ মৃত্যুৰ বাতৰি প্রকাশ কৰি সকলোকে ক’ভিড প্রট’কল মানি চলিবলৈ আহ্বান জনায়৷ এই জটিল ৰাজনৈতিক সময়ত আহমদৰ বিয়োগ কংগ্রেছৰ বাবে এক ডাঙৰ আঘাত বুলি চিহ্ণিত হৈছে৷

অসমৰ বর্ষীয়ান নেতা তৰুণ গগৈৰ মৃত্যুৰ দুদিন পাছতে পেটেলৰ মৃত্যুৱে স্বভাৱিকতে দলটোত শূন্যতা সৃষ্টি কৰিলে৷ ছোনিয়া গান্ধীৰ ৰাজনৈতিক সচিব হিচাপে দলৰ সভানেত্রীগৰাকীৰ বহুকেইটা গুৰুত্বপূর্ণ সিদ্ধান্তৰ আঁৰত থাকিলেও আহমদ পেটেল আছিল প্রচাৰবিমুখ৷ চাৰি দশকজোৰা ৰাজনৈতিক জীৱনত লোকচক্ষুৰ আঁৰত থাকিয়েই তেওঁ দলৰ বাবে গুৰুদায়িত্ব পালন কৰি গৈছিল৷ ছোনিয়া গান্ধীয়ে সভানেত্রীৰ দায়িত্ব গ্রহণ কৰাৰ পাছত আহমদ পেটেলে কংগ্রেছৰ যিকোনো বিপদৰ সময়ত বিশ্বাসযোগ্য সংগী হিচাপে সভানেত্রীৰ কাষত থিয় দিছিল৷ কংগ্রেছত তেওঁ আছিল বিপদৰ বন্ধু৷ কেৱল দলৰ ভিতৰতেই নহয়, বিৰোধীকে ধৰি অন্যান্য ৰাজনৈতিক দলৰ সৈতেও তেওঁ সঘন সম্পর্ক ৰক্ষা কৰি চলিছিল৷ মিডিয়া আৰু কর্প’ৰেটৰৰ সৈতেও তেওঁৰ আছিল ঘনিষ্ঠ সম্পর্ক৷ ইয়াৰ বাবেই নব্বৈৰ দশকৰ শেষৰ ফালে যেতিয়া কংগ্রেছে উপলব্ধি কৰিছিল যে মিত্রতা অবিহনে শাসনভাৰ দখল কৰাটো সম্ভৱ নহয়, তেতিয়া আহমদ পেটেলে তেওঁৰ যোগসূত্রসমূহৰ বাবেই ছোনিয়া গান্ধীৰ বাবে অত্যন্ত গুৰুত্বপূর্ণ সংগী হৈ পৰিছিল আৰু পৰৱর্তী সময়ত ইউ পি এ চৰকাৰ গঠন কৰাটো সম্ভৱ হৈছিল৷

সেইদৰে বিভিন্ন সময়ত মিডিয়াৰ সৈতে থকা সু–সম্পর্কৰ বাবে পেটেলে কংগ্রেছক একাধিক অস্বস্তিকৰ মুহূর্তৰ পৰা ৰক্ষা কৰিবলৈ সক্ষম হৈছিল৷ নিখিল ভাৰত কংগ্রেছ কমিটীৰ কোষাধ্যক্ষৰ দায়িত্বত থকা আহমদ পেটেলে কর্প’ৰেটৰৰ সৈতে থকা সু–সম্পর্কৰ বাবে ২০১৯ চনৰ লোকসভা নির্বাচনত দলৰ পুঁজি সংগ্রহত প্রধান ভূমিকা লৈছিল৷ স্বাভাৱিকতে কংগ্রেছত তেওঁৰ অনুপস্থিতি পূৰণ কৰাৰ বাবে আৰু বহু সময়ৰ প্রয়োজন হ’ব৷ ছোনিয়া গান্ধীৰ অসুস্থতাৰ এই সময়খিনিত আহমদ পেটেলৰ দৰে এজন নেতাক হেৰুৱাবলগীয়া হোৱাটো কংগ্রেছৰ বাবে এক বৃহৎ ক্ষতি৷ ১৯৪৯ চনৰ ২১ আগষ্টত গুজৰাটত জন্মগ্রহণ কৰা পেটেলৰ সংসদীয় ৰাজনীতিত প্রৱেশ ঘটিছিল ১৯৭৭ চনত৷ তদানীন্তন প্রধানমন্ত্রী প্রয়াত ইন্দিৰা গান্ধীয়ে আহমদ পেটেলক তেওঁৰ গৃহ চহৰ ভাৰুচৰ পৰা লোকসভা নির্বাচনত প্রতিদ্বন্দ্বিতা কৰাৰ বাবে নিজেই উদ্যোগ লৈছিল৷ ১৯৭৭ চনৰ পৰা ১৯৮৯ চনলৈ তিনিবাৰকৈ তেওঁ লোকসভালৈ নির্বাচিত হয়৷

আনহাতে, ৫বাৰ তেওঁ আছিল ৰাজ্যসভাৰ সাংসদ৷ মৃত্যুৰ সময়তো তেওঁ উচ্চ সদনৰ সদস্য হিচাপে কার্যনির্বাহ কৰি আছিল৷ ইন্দিৰা গান্ধী দলৰ মুৰব্বী হৈ থকা অৱস্থাত তেওঁক কংগ্রেছৰ গুৰুত্বপূর্ণ দলীয় দায়িত্ব প্রদান কৰা হৈছিল৷ আনহাতে, প্রধানমন্ত্রীৰ দায়িত্ব লোৱাৰ পাছত প্রয়াত ৰাজীৱ গান্ধীয়ে আহমদ পেটেলক তেওঁৰ সংসদীয় সচিব হিচাপে নিযুক্তি দিছিল৷ ইন্দিৰা গান্ধী আৰু ৰাজীৱ গান্ধীৰ দৰেই ছোনিয়া গান্ধীয়েও আহমদ পেটেলক আটাইতকৈ বিশ্বাসী কংগ্রেছী নেতা হিচাপে আঁকোৱালি লৈছিল৷ বিশেষকৈ ছোনিয়াৰ আমোলত আহমদ পেটেল আছিল কংগ্রেছৰ অদৃশ্য পাৱাৰ চেণ্টাৰ৷ কিন্তু কংগ্রেছত তেওঁৰ জনপ্রিয়তাৰ মূলতেই আছিল বিপদৰ সময়ত তেওঁ গ্রহণ কৰা গুৰুত্বপূর্ণ ভূমিকা৷ প্রয়াত প্রণৱ মুখার্জীৰ সৈতে কেইবাবাৰো জটিল সময়ত কংগ্রেছক উদ্ধাৰকাৰীৰ ভূমিকা লৈছিল পেটেলে৷ ইউ পি এ চৰকাৰ গঠনৰ আঁৰতো পেটেল আছিল অন্যতম মূল ব্যক্তি৷ ইয়াৰ পাছতো মনমোহন সিং কেবিনেটত অন্তর্ভুক্ত হোৱাৰ কোনো হাবিয়াস প্রকাশ নকৰা পেটেলে বিভিন্ন দলৰ সৈতে ছোনিয়া গান্ধীৰ হৈ সম্পর্ক ৰক্ষা কৰি মিত্রতাক শক্তিশালী কৰি ৰাখিবলৈ সক্ষম হৈছে৷ পেটেলৰ মৃত্যুত শোকস্তব্ধ হৈ পৰা ছোনিয়া গান্ধীয়ে কয় যে তেওঁ এজন বিকল্পহীন কমৰেড, বিশ্বস্ত সতীর্থ আৰু এজন প্রকৃত বন্ধুক হেৰুৱালে৷ ‘মই এনে এজন সংগীক হেৰুৱালোঁ, যি নিজৰ গোটেই জীৱন কংগ্রেছ দলৰ প্রতি উচর্গা কৰিলে৷’ –ছোনিয়াই কয়৷ ৰাহুল গান্ধী আৰু প্রিয়ংকা গান্ধীয়েও তেওঁৰ মৃত্যুত শোক প্রকাশ কৰে৷ ৰাহুলে কয় যে আহমদ পেটেল আছিল কংগ্রেছৰ এটা স্তম্ভ৷ ৰাষ্ট্রপতি ৰাম নাথ কোৱিন্দ, উপ–ৰাষ্ট্রপতি এম ভেংকায়া নাইডুৰ লগতে দল নির্বিশেষে সকলো ৰাজনৈতিক নেতাই তেওঁৰ মৃত্যুত শোক প্রকাশ কৰিছে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে এক শোকবার্তাত কয় যে কংগ্রেছ দলক শক্তিশালী কৰাত পেটেলে আগবঢ়োৱা ভূমিকা চিৰস্মৰণীয় হৈ ৰ’ব৷

আজীৱন সমাজৰ বাবে কাম কৰি তেওঁ সেৱা আগবঢ়াই গ’ল৷ পেটেলক চোকা বুদ্ধিসম্পন্ন ব্যক্তি বুলিও প্রধানমন্ত্রী মোদীয়ে শোকবার্তাত উল্লেখ কৰে৷ কংগ্রেছশাসিত ৰাজ্য ৰাজস্থানৰ মুখ্যমন্ত্রী অশোক গেহলট, পঞ্জাবৰ মুখ্যমন্ত্রী অমৰিন্দৰ সিং, ছত্তিশগড়ৰ মুখ্যমন্ত্রী ভূপেশ বাঘেল আৰু পুডুচেৰীৰ মুখ্যমন্ত্রী ভি নাৰায়ণ স্বামীয়ে পেটেলৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰে৷ বিজেপিৰ সভাপতি জে পি নাড্ডা, প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিং, গৃহমন্ত্রী অমিত শ্বাহ, উত্তৰ প্রদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথ, চি পি এমৰ সাধাৰণ সম্পাদক সীতাৰাম য়েছুৰী, সমাজবাদী পার্টীৰ নেতা অখিলেশ যাদৱ আদিয়েও পেটেলৰ মৃত্যুত শোক প্রকাশ কৰি পৰিয়ালবর্গক সমবেদনা জ্ঞাপন কৰে৷ মৃত্যুৰ সময়ত পেটেলে পত্নীৰ লগতে পুত্র–কন্যাক এৰি থৈ গৈছে৷

You might also like