নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তৃণমূল কংগ্রেছত যোগদান প্রাক্তন কেন্দ্রীয় মন্ত্রী যশৱন্ত সিন্হাৰ

নিয়মীয়া বাৰ্তা, ১৪ মাৰ্চঃ  প্রাক্তন কেন্দ্রীয় মন্ত্রী তথা প্রাক্তন বিজেপি নেতা যশৱন্ত সিন্হাই  পশ্চিমবংগৰ শাসকীয় দল তৃণমূল কংগ্রেছত যোগদান কৰে৷ ৰাজ্যখনত বিধানসভা নির্বাচনৰ প্রক্রিয়া চলি থকাৰ সময়তে ৮৩ বছৰীয়া প্রাক্তন মন্ত্রী যশৱন্ত সিন্হাই মুখ্যমন্ত্রী মমতা বেনার্জী নেতৃত্বাধীন তৃণমূল কংগ্রেছত যোগদান কৰি বিজেপিৰ বিৰুদ্ধে সৰৱ হৈ পৰে৷ তৃণমূল কংগ্রেছৰ জ্যেষ্ঠ নেতা ডেৰেক অ’ ব্রায়ান, সুদীপ বন্দোপাধ্যায় আৰু সুব্রত মুখার্জীৰ উপস্থিতিত কলকাতাৰ তৃণমূল ভৱনত দিনৰ ১২ বজাত প্রাক্তন বিজেপি নেতা সিন্হাই দলটোত যোগদান কৰে৷

মুখ্যমন্ত্রী মমতা বেনার্জী দলবদ্ধ আক্রমণৰ সন্মুখীন হোৱাৰ পাছতেই দলটোত যোগদান কৰি সিন্হাই কয় যে দেশ আজি অভাৱনীয় পৰিস্থিতিৰ সন্মুখীন হৈছে৷ গণতন্ত্রৰ শক্তি গণতান্ত্রিক প্রতিষ্ঠানৰ শক্তিৰ ওপৰত নির্ভৰ কৰে৷ এই প্রতিষ্ঠানসমূহৰ ভিতৰত বিশেষকৈ ন্যায়িক ব্যৱস্থা এতিয়া দুর্বল হৈ পৰিছে৷ দলত যোগদানৰ পাছতেই সংবাদ মেল সম্বোধন কৰি সিন্হাই উল্লিখিত মন্তব্য প্রকাশ কৰাৰ লগতে চলিত কৃষক আন্দোলন আৰু চীনৰ সৈতে সীমান্তত অব্যাহত উত্তেজনাময় পৰিস্থিতি সন্দর্ভতো তাৎপর্যপূর্ণ মন্তব্য কৰে৷

লক্ষণীয় যে   দলত যোগদান কৰাৰ পূর্বে সিন্হাই মুখ্যমন্ত্রী বেনার্জীক বাসভৱনত সাক্ষাৎ কৰে৷

You might also like