নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড সংক্রমণ বৃদ্ধিত জগৰীয়া প্রধানমন্ত্রী মোদীয়ে পদত্যাগ কৰক

নিয়মীয়া বাৰ্তা, ২০ এপ্ৰিলঃ প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু কেন্দ্রীয় চৰকাৰৰ বিৰুদ্ধে সততে সৰৱ হৈ থকা পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনার্জীয়ে এইবাৰ ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰে ভয়াৱহ ৰূপ লোৱাৰ বাবে প্রধানমন্ত্রী মোদীক জগৰীয়া কৰিছে৷ এখন নির্বাচনী সভাত অংশ লৈ মুখ্যমন্ত্রী বেনার্জীয়ে প্রত্যক্ষভাৱে প্রধানমন্ত্রীক আক্রমণৰ লক্ষ্য কৰি লৈ কয় যে– দেশজুৰি ক’ভিড–১৯ত আক্রান্তৰ সংখ্যা আকাশলংঘী বর্ধিত হোৱাৰ বাবে প্রধানমন্ত্রী মোদী দায়বদ্ধ৷ গতিকে তেওঁ পদত্যাগ কৰা উচিত৷

তদুপৰি মুখ্যমন্ত্রীগৰাকীয়ে কয়– তেৱেঁই সেইগৰাকী ব্যক্তি, যিজন দায়বদ্ধ, কোনো পৰিকল্পনা নাই, কোনো প্রশাসনিক সক্ষমতা নাই, সম্পূর্ণ অদক্ষতা আগেও তেওঁ কোনো পৰিকল্পনা কৰা নাছিল আৰু আনকি আন কাকো পৰিকল্পনা কৰিবলৈও অনুমতি দিয়া নাছিল৷

ইপিনে, মুখ্যমন্ত্রী বেনার্জীয়ে প্রধানমন্ত্রী মোদীক অতিৰিক্ত ভেকচিন আৰু ঔষধৰ বাবে ইতিপূবে অনুৰোধ জনোৱা বুলিও নির্বাচনী সমাৱেশত উল্লেখ কৰি এইক্ষেত্রত প্রধানমন্ত্রীয়ে বিশেষ গুৰুত্ব নিদিলে বুলি কয়৷

You might also like