নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মমতালৈ নির্বাচন আয়োগৰ জাননী প্রেৰণ

নিয়মীয়া বাৰ্তা ৮ এপ্ৰিলঃ নির্বাচনী সমাৱেশত পশ্চিমবংগৰ মুছলমান ভোটাৰসকলক বিজেপিৰ বিৰুদ্ধে ঐক্যবদ্ধ হ’বলৈ আহ্বান জনোৱা বাবেই তৃণমূল কংগ্রেছৰ মুৰব্বী তথা ৰাজ্যখনৰ মুখ্যমন্ত্রী মমতা বেনার্জী নির্বাচন আয়োগৰ ৰোষত পৰিছে৷ মমতাৰ এই আহ্বানে আয়োগৰ আদর্শ আচৰণবিধি উলংঘা কৰা বুলি অভিযোগ অনা হৈছে৷

নির্বাচন আয়োগেও এয়া আদর্শ আচৰণবিধিৰ পৰিপন্থী বুলি উল্লেখ কৰি আগন্তুক ৪৮ ঘণ্টাৰ ভিতৰত মমতা বেনার্জীক নিজৰ স্থিতি স্পষ্ট কৰিবলৈ নির্দেশ দিয়া হৈছে৷ স্মর্তব্য যে হুগলী জিলাৰ তাৰকেশ্বৰত এক নির্বাচনী সমাৱেশত অংশগ্রহণ কৰি ৰাজ্যখনৰ মুছলমান ভোটাৰসকলক বিজেপিৰ বিৰুদ্ধে ঐক্যবদ্ধ হ’বলৈ আহ্বান জনাইছিল মমতাই৷

You might also like