নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুম্বাই ব্রিচ কেণ্ডী হাস্পতালত অস্ত্রোপচাৰ সম্পন্ন শাৰদ পাৱাৰৰ

নিয়মীয়া বাৰ্তা ১৩ এপ্ৰিলঃ মুম্বাইৰ ব্রিচ কেণ্ডী হাস্পতালত আজি ৰাষ্ট্রীয়তাবাদী কংগ্রেছ দল (এনচিপি)ৰ মুৰব্বী শাৰদ পাৱাৰৰ অস্ত্রোপচাৰ সফলতাৰে সম্পন্ন হৈছে৷ ৮০ বছৰীয়া নেতাগৰাকীক দেওবাৰে হাস্পতালত ভর্তি কৰোৱা হৈছে৷ গলব্লাডাৰৰ পৰা অস্ত্রোপচাৰেৰে এটা ষ্ট’ন বাহিৰ কৰা হৈছে পাৱাৰৰ৷

উল্লেখনীয় যে কিছুদিন পূর্বে পেটৰ পীড়াত ভুগিছিল শাৰদ পাৱাৰে৷ তেতিয়াই নেতাগৰাকীক হাস্পতালত ভর্তি কৰোৱা হৈছিল যদিও দুদিন পিছতে তেওঁক ঘৰলৈ যাবলৈ দিয়া হৈছিল৷ হাস্পতাল সূত্রই সদৰী কৰা অনুসৰি আজি পুৱাৰ ভাগতে পাৱাৰৰ অস্ত্রোপচাৰ সম্পন্ন হৈছে৷

বর্তমান নেতাগৰাকীৰ স্বাস্থ্য সুস্থিৰ বুলি উল্লেখ কৰাৰ উপৰি আগন্তুক এদিন বা দুদিন পিছতেই তেওঁক ঘৰলৈ যোৱাৰ অনুমতি দিয়া হ’ব বুলি হাস্পতালৰ সূত্রই সদৰী কৰিছে৷

You might also like