নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘সুস্থ হৈ উঠক দাদা!’, পুৰীৰ সমুদ্ৰতীৰত সৌৰভক লৈ বলুকাশিল্প…

নিয়মীয়া বাৰ্তা, ৬ জানুৱাৰীঃ হৃদৰোগত আক্ৰান্ত প্ৰাক্তন ক্ৰিকেটাৰ তথা বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলী। বুকুৰ বিষত আক্ৰান্ত হোৱাৰ পিছত শনিবাৰে কলকতাৰ উদলেণ্ড হস্পতালত ভৰ্তি কৰোৱা হৈছিল গাংগুলীক। পুৱাই শৰীৰচর্চা কৰি অস্বস্তি অনুভৱ কৰিছিল তেওঁ।

ইয়াৰ সমান্তৰালকৈ এতিয়া গোটেই দেশত সৌৰভৰ আৰোগ্য কামনা কৰিছে। ৰাজনৈতিক ব্যক্তিত্বৰ পৰা তাৰকা, অনুৰাগীলৈ প্রত্যেকেই ছ’চিয়েল মিডিয়াত সৌৰভ গাংগোলিক লৈ পোষ্ট কৰিছে।

এনে সময়তে বলুকাশিল্পী সুদর্শন পাটনায়কে দাদাৰ দ্রুত হাৰত সুস্থ হৈ উঠাৰ কামনাৰে পুৰীৰ সমুদ্র তীৰত সৌৰভৰ এক মূর্তি তৈয়াৰ কৰি সেই ছবি টুইট কৰিছে।

এই ছবি চেয়াৰ কৰি টুইটত লিখিছে, ”সোনকালে সুস্থ হৈ উঠক দাদা! আমি আপোনাৰ শীঘ্ৰে সুস্থ হৈ উঠাৰ বাবে প্রার্থনা কৰিছোঁ।”

ইফালে, চিকিৎসকে আজি সদৰী কৰা অনুসৰি গাংগুলী এতিয়া যথেষ্ট সুস্থ আৰু বুধবাৰে তেওঁক চিকিৎসালয়ৰ পৰা যাবলৈ দিব৷

You might also like