নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উচ্চতম ন্যায়ালয়: ১৩ বছৰ ধৰি পত্নী হত্যাৰ গোচৰত যাৱজ্জীৱন কাৰাদণ্ড ভুগি আছিল স্বামী; অৱশেষত নিৰ্দোষী প্ৰমাণিত

 

নিয়ামীয়া বাৰ্তা, ৫ মাৰ্চ: নিখিল চন্দ্ৰ মণ্ডল নামৰ এজন লোকে পত্নীক হত্যা কৰাৰ অপৰাধত ১৩ বছৰ কাৰাদণ্ড ভুগি আছিল। ৪০ বছৰ ধৰি তেওঁ নিজৰ নিৰ্দোষতা প্ৰমাণ কৰিবলৈ আইনৰ সৈতে যুঁজি আছিল। অৱশেষত এতিয়া জেলৰ পৰা মুক্তি লাভ কৰে লোকজনে। তেওঁৰ বৰ্তমান বয়স ৬৪ বছৰ। চলিত সপ্তাহৰ আৰম্ভণিতে উচ্চতম ন্যায়ালয়ে তেওঁক মুকলি কৰি দিয়াৰ নিৰ্দেশ দিছিল।

ন্যায়াধীশ বি আৰ গাভাই আৰু বিক্ৰম নাথৰ বিচাৰপীঠে কয় যে সন্দেহ যিমানেই শক্তিশালী নহওক কিয়, যুক্তিসংগত সন্দেহৰ বাহিৰত প্ৰমাণৰ ঠাই ল’ব নোৱাৰে সেয়া আইনৰ এক নিৰ্ধাৰিত নীতি।

দৰাচলতে এই গোচৰত বিচাৰ আদালতে অভিযুক্ত স্বামী মণ্ডলক ২০০৮ চনৰ ১৫ ডিচেম্বৰত মণ্ডলক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা হয়। ইয়াৰ পিছত উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তত মণ্ডলেও ২০১০ চনত উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল। ন্যায়াধীশ বি আৰ গাভাই আৰু ন্যায়াধীশ সঞ্জয় কেৰলৰ বিচাৰপীঠে ১৯৮৪ চনৰ এই আদেশৰ উদ্ধৃতি দি উচ্চ ন্যায়ালয়ৰ সিদ্ধান্ত বাতিল কৰে। আদালতে আৰু কয় যে সাক্ষীসকলৰ বক্তব্যতো বৈপৰীত্য আছে।

You might also like