নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্রীনগৰত আৰক্ষীৰ ওপৰত সন্ত্রাসবাদীৰ আক্রমণ, আহত দুই

নিয়মীয়া বাৰ্তা, ৭ ডিচেম্বৰঃ জম্মু–কাশ্মীৰৰ শ্রীনগৰত আৰক্ষী আৰু চি আৰ পি এফৰ যুটীয়া দলক আজি পুৱা সন্ত্রাসবাদীয়ে আক্রমণ চলায়৷ এই আক্রমণত এজন আৰক্ষীৰ লগতে আন এজন নিৰীহ লোকসহ দুজন আহত হৈছে৷

ঘটনাৰ বিৱৰণী মতে শ্রীনগৰৰ হাৱাল অঞ্চলৰ ছাছগাড়িপৰাত পহৰা দি থকা অৱস্থাত আৰক্ষী আৰু চি আৰ পি এফৰ দলৰ ওপৰত সন্ত্রাসবাদীয়ে আক্রমণ চলায়৷ এই আক্রমণত আৰক্ষীসহ দুজন লোক আহত হয়৷ আহত দুজনক ইতিমধ্যে চিকিৎসালয়ত ভর্তি কৰা হৈছে৷

ঘটনাৰ পিছতে সমগ্র অঞ্চলটো ঘেৰাও কৰি নিৰাপত্তা বাহিনীয়ে অভিযান আৰম্ভ কৰিছে৷ আহত আৰক্ষী জোৱানজনক ফাৰুক আহমেদ ছ’পান আৰু নিৰীহ লোকজনক মুনিৰ আহমেদ বুলি আৰক্ষীয়ে প্রকাশ কৰিছে৷ আহত দুজনৰ অৱস্থা বর্তমান বিপদমুক্ত৷

You might also like