নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰেমডিছিভিৰ ৰপ্তানিৰ ক্ষেত্রত নিষেধাজ্ঞা মোদী চৰকাৰৰ

নিয়মীয়া বাৰ্তা, ১২ এপ্ৰিলঃ ক’ভিড–১৯ মহামাৰীৰ সংক্রমণৰ দ্বিতীয় জোৱাৰৰ সন্মুখীন হোৱা ভাৰতে ৰেমডিছিভিৰ দৰবৰ ৰপ্তানি বন্ধ কৰিছে৷ উল্লেখনীয় যে এই এণ্টি–ভাইৰেল দৰববিধৰ বিশ্বজুৰি চাহিদা বৃদ্ধি পাইছে ক’ভিড–১৯ৰ সংক্রমণ দ্রুতগতিত বাঢ়ি অহাৰ লগে লগে৷

কেন্দ্রীয় চৰকাৰে আজি অত্যাৱশ্যকীয় এই দৰববিধ বহিঃদেশলৈ ৰপ্তানি কৰাৰ ক্ষেত্রত নিষেধাজ্ঞা আৰোপ কৰিছে৷ দৰব কোম্পানীসমূহে এই নিষেধাজ্ঞা অনুসৰি ৰেমডিছিভিৰ কোনো দেশলৈ প্রেৰণ কৰিব নোৱাৰিব৷ অর্থাৎ ৰেমডিছিভিৰ ইনজেকচন আৰু এই দৰববিধৰ আনুষংগিক কোনো সামগ্রীও বিদেশলৈ ৰপ্তানি কৰিব নোৱাৰিব কোম্পানীসমূহে৷

স্বাস্থ্য মন্ত্রালয়ৰ এক বিবৃতিত এই কথা স্পষ্ট কৰি দিয়া হৈছে৷ স্মর্তব্য যে আমেৰিকাস্থিত গিলিড ছায়েন্সৰ পৰা ভাৰতৰ সাতটাকৈ দৰব প্রস্তুত কোম্পানীলৈ অনুজ্ঞাপত্র প্রদান কৰা হৈছে৷ প্রতি মাহতে এই অনুজ্ঞাপত্র অনুসৰি ৩.৯ নিযুত ইউনিট ৰেমডিছিভিৰ প্রস্তুত কৰিব লাগে৷

You might also like