নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনাৰ পাঁচটা ভেকচিনৰ গৱেষণাত আশাৰ বতৰা

নিয়মীয়া বাৰ্তা, ৬ মে’ :  এটা ভেকচিনৰ বাবে এতিয়া সমগ্র বিশ্ববাসীৰ অধীৰ অপেক্ষা৷ বিগত ডেৰ–দুমাহৰ লকডাউনৰ অন্তত ভাৰতকে ধৰি সকলো দেশৰে স্বাভাৱিক জীৱনযাত্রা ঘূৰি অহাৰ পথত৷ জীৱন–জীৱিকাৰ বাবে ঘৰৰ বাহিৰলৈ ওলালেও প্রতিগৰাকী নাগৰিক শংকিত৷ সকলোৰে বিশ্বাস– কেৱল ভেকচিনেহে আশংকা দূৰ কৰি এটা সুৰক্ষিত বাতাৱৰণ গঢ়ি তুলিব পাৰিব৷ এনে পৰিস্থিতিত সকলোৱে ন’ভেল ক’ৰোনা ভাইৰাছৰ এটা ফলপ্রসূ ভেকচিন উদ্ভাৱন হোৱালৈ আশাৰে বাট চাইছে৷ তাৰ মাজতে বিশ্বৰ কেইবাটাও গৱেষণাগাৰৰ পৰা আহিছে আশাৰ খবৰ৷ আমেৰিকা–চীন–ইজৰাই আদি দেশৰ ৯০টাকৈ গৱেষকৰ দল দিনে–নিশাই ব্যস্ত হৈ আছে ক’ভিড–১৯ ভেকচিন প্রস্তুতৰ কামত৷

গৱেষকসকলে ট্রায়েলৰ বাবে সাজু কৰি তোলা পাঁচটা ভেকচিন হৈ উঠিব পাৰে সমগ্র মানৱ জাতিৰ বাবে এক ডাঙৰ সকাহ৷ প্রথমাৱস্থাত পৰীক্ষাগাৰত এনে ভেকচিনৰ পৰীক্ষা সম্পন্ন হোৱাৰ পাছত জীৱ–জন্তুৰ দেহত এই ভেকচিনসমূহ প্রয়োগ কৰা হয়৷ ইয়াৰ পৰৱর্তী পর্যায়তহে মানুহৰ দেহত ভেকচিনৰ পৰীক্ষা কৰে বিজ্ঞানীসকলে৷ ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে বিশ্বজুৰি অব্যাহত থকা যুঁজখনৰ বাবে প্রত্যাশাৰ এই বতৰা আহিছে আমেৰিকা, চীন, ইজৰাইল আৰু নেদাৰলেণ্ডৰ পৰা৷ আমেৰিকাৰ মডার্ন থেৰাপিউটিক্স নামৰ এটা জৈৱ প্রযুক্তিবিদ্যাৰ লগত জড়িত কোম্পানীয়ে‘mRNA-1273’ নামৰ এটা ভেকচিন প্রস্তুতৰ কাম আগবঢ়াৰ কথা সদৰী কৰিছে৷ ইয়াৰ বাবে কোম্পানীটোৰ গৱেষণাগাৰত এক নতুন পদ্ধতি অৱলম্বন কৰা হৈছে৷ পৰম্পৰাগত ভেকচিন প্রস্তুতৰ পদ্ধতি অনুসৰি মানুহৰ দেহত জীৱিত কিন্তু দুর্বল ভাইৰাছ সুমুৱাই দিয়া হয় আৰু ইয়াৰ জৰিয়তে শৰীৰত ভাইৰাছ প্রতিৰোধী শক্তি উৎপন্ন হয়৷ কিন্তু‘mRNA-1273’ ভেকচিনৰ ক্ষেত্রত ক’ভিড–১৯ৰ বীজাণু ব্যৱহাৰ কৰা হোৱা নাই৷ এই ভেকচিনৰ ক্ষেত্রত বিজ্ঞানীসকলে ক’ভিড–১৯ ভাইৰাছৰ এটা জেনেটিক ক’ড প্রস্তুত কৰিছে৷

ইয়াৰ এটা সৰু অংশ মানুহৰ শৰীৰত বেজীৰ জৰিয়তে সুমুৱাই দিয়া হ’ব৷ তাৰ পাছত মানুহৰ ৰোগ প্রতিৰোধ ক্ষমতা ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ তাৎক্ষণিকভাৱে সক্রিয় হৈ উঠিব৷ আমেৰিকাৰ নেচনেল ইনষ্টিটিউট অৱ হেল্থৰ বিত্তীয় সাহায্যত এইবিধ ভেকচিন প্রস্তুতৰ কাম চলি আছে৷ আমেৰিকাৰ ইনোবিয়ো ফার্মাচিউটিকেল্ছ নামৰ প্রতিষ্ঠানটোৰ গৱেষণাগাৰত চলি আছেIND-4800 নামৰ আন এটা ভেকচিন প্রস্তুতৰ কাম৷ গৱেষকসকলে এনে এটা ভেকচিন প্রস্তুত কৰিব বিচাৰিছে, যাতে আক্রান্ত ৰোগীৰ কোষত পোনে পোনে ডি এন এ ইনজেক্ট কৰিব পাৰি৷ ইয়াৰ জৰিয়তে তাৎক্ষণিকভাৱে শৰীৰত এণ্টিব’ডীৰ নির্মাণ আৰম্ভ হ’ব৷ আমেৰিকাত ভেকচিনৰ ট্রায়েল আৰম্ভ হোৱাৰ সমান্তৰালভাৱে চীনৰো কেছিনো বায়’লজিক্স নামৰ কোম্পানীটোৱে‘AD5-nCoV’ নামৰ ভেকচিনৰ পৰীক্ষামূলক প্রয়োগ আৰম্ভ কৰিছে৷

এই প্রকল্পটোত সহযোগ কৰিছে চীনৰ ইনষ্টিটিউট অৱ বায়’টেকন’লজী আৰু চাইনিজ একাডেমী অৱ মেডিকেল ছায়েন্সে৷‘AD5-nCoV’ নামৰ ভেকচিনত ব্যৱহাৰ কৰা হৈছে চকু, শ্বাসনলী, স্নায়ুতন্ত্র আদিত আক্রমণ কৰা বীজাণুপুঞ্জ৷ যাক চিকিৎসা বিজ্ঞানৰ পৰিভাষাত এডিনোভাইৰাছ বুলি কোৱা হয়৷ চীনৰ বিজ্ঞানীসকলে আশা প্রকাশ কৰিছে এই ভেকচিনে সংক্রমণ প্রতিৰোধ ক্ষমতা সৃষ্টি কৰিব৷ চীনৰে সেজেন মেডিকেল ইনষ্টিটিউটত‘LV-SMENP-DC’ নামৰ ভেকচিনৰ পৰীক্ষা অব্যাহত আছে৷ এইচ আই ভিসদৃশ ৰোগৰ বীজাণু এই ভেকচিনৰ ক্ষেত্রত প্রয়োগ কৰা হৈছে৷ একেদৰে ন’ভেল ক’ৰোনা ভাইৰাছৰ উৎপত্তিস্থল য়ুহানৰ বায়’লজিকেল প্রডাক্টছ ইনষ্টিটিউটতো আন এক ভেকচিন প্রস্তুতৰ কাম চলি আছে৷ এইক্ষেত্রত নিষ্ক্রিয় বীজাণুৰে ভেকচিন প্রস্তুতৰ গৱেষণা অব্যাহত আছে৷ ব্রিটেইনৰ অক্সফ’ড ইউনিভার্ছিটীৰ জেনৰ ইনষ্টিটিউটে‘ChAdox01’ ভেকচিনৰ বিকাশৰ কামো অব্যাহত ৰাখিছে৷ এই ভেকচিনবিধৰ ক্ষেত্রত চীনৰ দৰে প্রযুক্তিৰ সহায় লোৱা হৈছে৷ অক্সফ’ডৰ গৱেষকৰ দলটোৱে প্রস্তুত কৰা‘ChAdox01’ ভেকচিনবিধৰ ক্ষেত্রত চিম্পাঞ্জীৰ পৰা সংগ্রহ কৰা বীজাণুৰ দুর্বল সংস্কৰণ লোৱা হৈছে৷ লগতে চকু ৰখা হৈছে যে শৰীৰত যাতে কোনোপধ্যে এই বীজাণুৱে বংশ বিস্তাৰ কৰিব নোৱাৰে৷ আমেৰিকা, ব্রিটেইন আৰু চীনৰ এই ৫ বিধ ভেকচিনৰ গৱেষণাই আশাৰ ৰেঙনি কঢ়িয়াই অনাৰ সমান্তৰালভাৱে আন দুটা ভাল খবৰ আহিছে ইজৰাইল আৰু নেদাৰলেণ্ডছৰ পৰা৷ ইজৰাইলৰ প্রতিৰক্ষা মন্ত্রী নেফটালি বানেটে আজি প্রকাশ কৰে যে দেশখনৰ মুখ্য বায়’লজিকেল গৱেষণা প্রতিষ্ঠানে ক’ৰোনাৰ গৱেষণাৰ ক্ষেত্রত এক উল্লেখনীয় সফলতা লাভ কৰিছে৷ বিজ্ঞানীসকলে ন’ভেল ক’ৰোনা ভাইৰাছৰ এটা এণ্টিব’ডী প্রস্তুত কৰি উলিয়াবলৈ সক্ষম হৈছে৷

পৰীক্ষাগাৰত চলা প্রয়োগৰ সময়ত মন’ক্ল’নেল পদ্ধতিৰে এই এণ্টিব’ডীয়ে ক’ৰোনাৰ বীজাণু নাশ কৰিছে৷ এণ্টিব’ডী প্রস্তুতৰ কাম সম্পূর্ণ হৈ উঠিছে আৰু শীঘ্রে ইয়াৰ উৎপাদন আৰম্ভ কৰা হ’ব বুলিও দেশখনৰ প্রতিৰক্ষা মন্ত্রীগৰাকীয়ে সদৰী কৰে৷ উল্লেখ্য যে ইজৰাইল ইনষ্টিটিউট অৱ বায়’লজিকেল ৰিছার্চ পূর্বে দেশখনৰ সেনাবাহিনীৰ অন্তর্গত আছিল৷ পৰৱর্তী সময়ত গৱেষণা প্রতিষ্ঠানটোক সেনাৰ পৰা পৃথক কৰা হয়৷ ক’ৰোনাৰ সংক্রমণৰ পৰিপ্রেক্ষিতত ইজৰাইলৰ প্রধানমন্ত্রী বেঞ্জামিন নেটান্যাহুৱে প্রতিষ্ঠানটোক ভেকচিন প্রস্তুতৰ বাবে নির্দেশ দিছিল আৰু সমগ্র গৱেষণাৰ প্রক্রিয়া প্রধানমন্ত্রীৰ কার্যালয়ৰ দ্বাৰা নিৰীক্ষণ কৰিছিল৷ ইফালে ক’ভিড–১৯ৰ চিকিৎসাৰ ক্ষেত্রত অনুৰূপ সফলতাৰ আন এক খবৰ আহিছে নেদাৰলেণ্ডছৰ পৰা৷ দেশখনৰ আটৰেক্ট বিশ্ববিদ্যালয়ৰ গৱেষকৰ দল এটাই প্রকাশ কৰা এখন গৱেষণা–পত্রত উল্লেখ কৰে যে তেওঁলোকে মন’ক্ল’নেল এণ্টিব’ডী প্রস্তুতৰ ক্ষেত্রত এক গুৰুত্বপূর্ণ সফলতা লাভ কৰিছে৷ পৰীক্ষাগাৰত চলা সম্পৰীক্ষাত এই এণ্টিব’ডীয়ে ক’ৰোনা ভাইৰাছ প্রতিৰোধ কৰিবলৈ সক্ষম হৈছে৷ এই এণ্টিব’ডীবিধে ভাইৰাছবিধৰ বংশ বিস্তাৰ নিষ্ক্রিয় কৰি তুলিব পাৰে৷

অৱশ্যে নেদাৰলেণ্ডৰ গৱেষণাগাৰত এণ্টিব’ডী প্রস্তুতৰ কাম এতিয়াও প্রাথমিক পর্যায়তে আছে৷ জন্তু আৰু মানুহৰ দেহত এতিয়াও এই ঔষধ প্রয়োগ কৰিব পৰা হোৱা নাই বুলি গৱেষকসকলে উল্লেখ কৰে৷ এইদৰে বিশ্বৰ ভিন্ন প্রান্তৰ গৱেষকসকলে অত্যন্ত ক্ষিপ্রতাৰে ভেকচিন আৰু এণ্টিব’ডী প্রস্তুতৰ ক্ষেত্রত ইতিবাচক অগ্রগতি লাভ কৰিবলৈ সক্ষম হৈছে৷ তাৰ মাজত আমেৰিকা, চীন আৰু ব্রিটেইনত আৰম্ভ হোৱা ৫টা ভেকচিনৰ পৰীক্ষাই সোনকালে বিশ্ববাসীলৈ সুখবৰ কঢ়িয়াই আনিব বুলি আশা কৰিব পাৰি৷

You might also like