নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম বিজ্ঞান–প্রযুক্তিবিদ্য্ বিশ্ববিদ্যালয়ত নিযুক্তিৰ সুযোগ

অসম বিজ্ঞান–প্রযুক্তিবিদ্য্ বিশ্ববিদ্যালয়ত অচিৰেইTEQIP-III প্রজেক্টৰ অধীনত ইলেক্ট্রিচিয়ান (১), প্লাম্বাৰ (১) আৰু ফিল্ড ছুপাৰভাইজৰ (১) পদত প্রার্থী নিয়োগ কৰা হ’ব৷ এই বিষয়ে বিশ্ববিদ্যালয়ৰ পঞ্জীয়কে ইতিমধ্যে এক নিয়োগ বিজ্ঞাপন সংবাদ–পত্রত প্রকাশ কৰিছে৷ প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি ইলেক্ট্রিচিয়ান পদৰ প্রার্থী আই টি আইৰ প্রমাণ–পত্রধাৰী হোৱাৰ উপৰি সংশ্লিষ্ট খণ্ডত ৱায়াৰমেন হিচাপে তিনিবছৰীয়া কর্ম অভিজ্ঞতা থকা হ’ব লাগিব৷ দৰমহাৰ নিৰিখ ১০,০০০ টকা৷ সাক্ষাৎকাৰ দিনৰ ১০ বজাৰ পৰা অনুষ্ঠিত হ’ব৷ পুৱা ৯.৩০ বজাত ৰিপ’র্টিং কৰিব লাগিব৷ আনহাতে, প্লাম্বাৰ পদৰ প্রার্থীয়ে প্লাম্বাৰৰ আই টি আইৰ প্রমাণ–পত্রধাৰী হোৱাৰ লগতে সংশ্লিষ্ট খণ্ডত তিনিবছৰীয়া কর্ম–ভিজ্ঞতা থকাটো জৰুৰী৷ দৰমহাৰ নিৰিখ ১০,০০০ টকা৷ সাক্ষাৎকাৰ দুপৰীয়া ১২ বজাৰ পৰা অনুষ্ঠিত হ’ব৷ দিনৰ ১১.৩০ বজাত ৰিপ’র্টিং কৰিব লাগিব৷ শেষত ফিল্ড ছুপাৰভাইজৰ পদৰ প্রার্থী দ্বাদশ শ্রেণী উত্তীর্ণ আৰু সংশ্লিষ্ট খণ্ডত তিনিবছৰীয়া কর্ম–ভিজ্ঞতা থকা অথবা আই টি আইৰ প্রমাণ–পত্রধাৰী হোৱাৰ লগতে সংশ্লিষ্ট খণ্ডত পাঁচ বছৰীয়া কর্ম অভিজ্ঞতা থকা হ’ব লাগিব৷ দৰমহাৰ নিৰিখ ১২,০০০ টকা৷ সাক্ষাৎকাৰ দিনৰ ২ বজাৰ পৰা অনুষ্ঠিত হ’ব৷ দুপৰীয়া ১.৩০ বজাত ৰিপ’র্টিং কৰিব লাগিব৷ প্রার্থী ছমহীয়া ঠিকাভিত্তিক চুক্তিত নিয়োগ কৰা হ’ব৷ সাক্ষাৎকাৰ ২১ মার্চ ২০২০ তাৰিখে অনুষ্ঠিত হ’ব৷ সাক্ষাৎকাৰলৈ আহোঁতে যাৱতীয় নথি–পত্রৰ মূল আৰু প্রত্যায়িত প্রতিলিপিসহ শেহতীয়া বায়’ডাটা আনিব লাগিব৷ সাক্ষাৎকাৰৰ স্থানAssam Science & Technology University, Tetelia Road, Jalukbari, Guwahati-781013, Assam৷ বিজ্ঞাপন বিষয়ক বিতং তথ্যৰ বাবে ৱেবছাইটhttps://www.astu.ac.in লগ–ইন কৰিব পাৰে৷

You might also like