নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নুমলীগড়ৰ এন আৰ এল হাস্পতালত নিযুক্তিৰ সুযোগ

নুমলীগড়ৰ বিবেকানন্দ কেন্দ্র–এন আৰ এল হাস্পতালত মুকলি হৈছে চাকৰি লাভৰ সুযোগ৷ ট্রেইনী–জুনিয়ৰ হাস্পতাল এডমিনিষ্ট্রেটিভ অফিচাৰ পদৰ বাবে যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰি বিভাগীয় কর্তৃপক্ষই এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷ আবেদনকাৰী হাস্পতাল এডমিনিষ্ট্রেচন বিষয়ত পোষ্ট গ্রেজুৱেট ডিগ্রীধাৰী আৰু সংশ্লিষ্ট খণ্ডত নূ্ন্যতম এবছৰীয়া কর্ম অভিজ্ঞতা থকাৰ লগতে হাস্পতাল ইনফ’র্মেচন ছিষ্টেম আৰু টেলী কাম কৰাৰ দক্ষতা থকা হ’ব লাগিব৷ নিযুক্তি প্রাপ্তই মাহে ৪৫,০০০ টকা লাভ কৰিব৷ বয়স ৩১ মার্চ ২০২০ লৈ সর্বোচ্চ ৩০ বছৰ৷ আগ্রহীসকলে বিজ্ঞাপন বিষয়ক বিতং তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া অন্যান্য চর্তাৱলীকে ধৰি নির্ধাৰিত প্র–পত্র ডাউনলোড কৰিবলৈ বিভাগীয় ৱেবছাইটwww.vknrlh.co.in লগ–ইন কৰিব পাৰিব৷ আগ্রহীসকলে যাৱতীয় নথি–পত্রৰ প্রত্যায়িত প্রতিলিপিসহ আবেদন ই–মেইলযোগে[email protected] ঠিকনালৈ প্রেৰণ কৰিব পাৰে৷ আবেদন দাখিলৰ অন্তিম তাৰিখ ৩১ মার্চ ২০২০৷

You might also like