নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বন্ধন বেংকত একাধিক পদ খালী

বন্ধন বেংকত খালী হৈছে বহুসংখ্যক পদ৷ এই বিষয়ে বেংকটোৰ অসম সংমণ্ডলৰ বিভাগীয় বিষয়াই এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷ প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি খালী পদসমূহৰ ভিতৰত আছে– ব্রাঞ্চ হেডঃ আবেদনকাৰী ব্রাঞ্চ বেংকিঙত সাত বছৰীয়া কর্ম অভিজ্ঞতা থকাৰ লগতে ৰিটেইল বেংকিঙৰ জ্ঞান থকা হ’ব লাগিব৷ বয়স সর্বোচ্চ ৩৫ বছৰ৷ এছিছটেণ্ট ব্রাঞ্চ হেডঃ আবেদনকাৰী ব্রাঞ্চ বেংকিঙত পাঁচ বছৰীয়া কর্ম অভিজ্ঞতা থকাৰ লগতে ৰিটেইল বেংকিঙৰ জ্ঞান থকা হ’ব লাগিব৷ বয়স সর্বোচ্চ ৩২ বছৰ৷ ব্রাঞ্চ ছেলচ মেনেজাৰঃ আবেদনকাৰী ব্রাঞ্চ বেংকিং খণ্ডত পাঁচ বছৰীয়া কর্ম অভিজ্ঞতা থকা হ’ব লাগিব৷ বয়স সর্বোচ্চ ৩২ বছৰ৷ কাষ্ট’মাৰ ৰিলেছনছিপ অফিচাৰঃ আবেদনকাৰী ৰিটেইল ব্রাঞ্চ বেংকিং খণ্ডত এবছৰীয়া কর্ম অভিজ্ঞতা থকাৰ লগতে ৰিটেইল ব্রাঞ্চ অ’পাৰেচনৰ জ্ঞান থকা হ’ব লাগিব৷ বয়স সর্বোচ্চ ২৮ বছৰ৷ ছেলছ মেনেজাৰঃ আবেদনকাৰী ২–৪ চকীয়া বাহনৰ লোন যোগানৰ ক্ষেত্রত বেংকিং খণ্ডত অতি কমেও চাৰিবছৰীয়া কর্মভিজ্ঞতা থকা হ’ব লাগিব৷ বয়স সর্বোচ্চ ৩০ বছৰ৷ ছেলেছ মেনেজাৰ–পার্চনেল লোন ঃ আবেদনকাৰী যিকোনো বেংকিং খণ্ডৰ ব্যক্তিগত লোনৰ ক্ষেত্রত বেংক আৰু গ্রাহকৰ মাজত মধ্যস্ততাকাৰী হিচাপে ২–৪ বছৰ কাম কৰাৰ অভিজ্ঞতা থকাটো বাঞ্ছনীয়৷ বয়স সর্বোচ্চ ৩৪ বছৰ৷ বিছনেছ–এইচ আৰঃ আবেদনকাৰী সংশ্লিষ্ট খণ্ডত যিকোনো অনুষ্ঠান–প্রতিষ্ঠানত্ পাঁচ বছৰীয়া কর্ম অভিজ্ঞতা থকাটো জৰুৰী৷ বয়স সর্বোচ্চ ৩২ বছৰ৷ শেষত ষ্টেট এছেট্ছ হেডঃ প্রার্থী সংশ্লিষ্ট খণ্ডত ১০–১৫ বছৰীয়া কর্ম অভিজ্ঞতা থকা হ’ব লাগিব৷ আগ্রহীসকলে যথাসম্ভৱ শীঘ্রে নিজৰ শেহতীয়া বায়’ডাটাসহ আবেদন ই–মেইলযোগে[email protected] প্রেৰণ কৰিব পাৰে৷ আবেদন দাখিলৰ অন্তিম তাৰিখ ২৫ মার্চ ২০২০৷

You might also like