নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এইমছ গুৱাহাটীত ১২ পদত মকৰল

অখিল ভাৰতীয় আয়ুর্বিজ্ঞান প্রতিষ্ঠান অর্থাৎ এইম্ছত খালী হৈছে সহকাৰী অধ্যাপক, সহযোগী অধ্যাপক, অতিৰিক্ত অধ্যাপক আৰু অধ্যাপকৰ ১২ পদ৷ এইম্ছ ভুবনেশ্বৰৰ সঞ্চালক প্রধানে প্রকাশ কৰা বিজ্ঞানৰ তথ্য অনুসৰি গুৱাহাটী এইম্ছত অধ্যাপকৰ পদ পূৰণ হ’বলগীয়া বিভাগসমূহ হৈছে– এনাট’মী (৩), বায়’কেমেষ্ট্রী (৩), কমিউনিটী এণ্ড ফেমিলী মেডিচিন (৩) আৰু ফিজি’লজী (৩)৷ সহকাৰী অধ্যাপক পদৰ প্রার্থীৰ দৰমহাৰ নিৰিখ ১৫,৬০০–৩৯,১০০ টকাসহ ৮,০০০ টকাৰ গ্রেড পে৷ সহযোগী অধ্যাপকৰ পদৰ প্রার্থীৰ দৰমহাৰ নিৰিখ ৩৭,৪০০–৬৭,০০০ টকাসহ ৯,০০০ টকাৰ গ্রেড পে৷ অতিৰিক্ত অধ্যাপক পদৰ প্রার্থীৰ দৰমহাৰ নিৰিখ ৩৭,৪০০–৬৭,০০০ টকাসহ ৯,৫০০ টকাৰ গ্রেড পে৷ শেষত অধ্যাপকৰ দৰমহাৰ নিৰিখ ৩৭,৪০০–৬৭,০০০ টকাসহ ১০,৫০০ টকা গ্রেড পে লাভ কৰিব৷ প্রার্থীৰ বয়স ৩১ মার্চ ২০২০লৈ সর্বোচ্চ ৫৮৷ বয়সৰ ঊর্ধ্বসীমা সংৰক্ষিত শ্রেণীৰ প্রার্থীয়ে চৰকাৰী বিধিগত ৰেহাই লাভ কৰিব৷ আবেদন মাচুল হিচাপে সাধাৰণ আৰু অ’বিচি শ্রেণীৰ প্রার্থীয়ে ১,০০০ টকা অনলাইন মাধ্যমেৰে এইম্ছৰ হকে পৰিশোধ কৰিব লাগিব৷ সংৰক্ষিত শ্রেণীৰ প্রার্থীয়ে কোনো ধৰণৰ আবেদন মাচুল পৰিশোধ কৰিব নালাগে৷ আগ্রহীসকল বিজ্ঞাপন বিষয়ক বিশদ বিৱৰণৰ লগতে অনলাইনযোগে আবেদন দাখিল কৰিবলৈ বিভাগীয় ৱেবছাইটhttp://wwwaiimsbhubaneswar.nic.in লগ–ইন কৰিব পাৰে৷ অনলাইনযোগে আবেদন দাখিল কৰাৰ পিছত প্রিণ্ট আউট কপী ঠিকনাAssistant Administrative Officer (Recruitment Cell), AIIMS, Bhubaneswar, Sijua, P.O-Dumduma, Bhubaneswar-751019, Odishaলৈ প্রেৰণ কৰিব লাগিব৷ আবেদন দাখিলৰ অন্তিম তাৰিখ ৩১ মার্চ, ২০২০৷

You might also like