নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পূর্বোত্তৰ ৰে’লৱেত ২,৭৯২ পদৰ বিজ্ঞাপন

পূর্বোত্তৰ ৰে’লৱেত শিক্ষা নবিচৰ ২,৭৯২ সংখ্যক পদত প্রার্থী নিয়োগৰ প্রস্তুতি চলিছে৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰি ৰে’লৱে ৰিক্রুইটমেণ্ট চেলৰ অধ্যক্ষই এক বিস্তৃত নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷ প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি শিক্ষা নবিচৰ উক্ত পদসমূহ হাওৰা (৬৫৯), শিয়ালদহ (৫২৬), মালদ (১০১), আছানছল (৪১২), কনস্রাপাৰা (২০৬), লিলুৱা (২০৪) আৰু জামালপুৰ (৬৮৪) ৱর্কশ্বপ/ডিভিজনত পূৰণ কৰা হ’ব৷ উল্লিখিত ডিভিজনৰ অন্তর্গত প্রার্থী নিয়োগ হ’ব লগা ট্রেডসমূহ হৈছে– ফিটাৰ, ৱেল্ডাৰ, মেকানিক–মটৰ ভেইকল/ডিজেল, ব্লেকস্মিথ, মেচিনিষ্ট, কার্পেণ্টাৰ, পেইণ্টাৰ, লাইনমেন, ৱায়াৰমেন, ৰেফ্রিজাৰেটৰ এণ্ড এচি মেকানিক, ইলেক্ট্রিচিয়ান, মেকানিক মেচিন টুল মেইণ্টেনেঞ্চ আৰু টার্নাৰ৷ আবেদনকাৰী গড়ে ৫০ শতাংশ নম্বৰেৰে দশম শ্রেণী উত্তীর্ণ আৰু সংশ্লিষ্ট ট্রেডত এনচিভিটি/এছচিভিটিৰ প্রমাণ–পত্রধাৰী হ’ব লাগিব৷ বয়স ৫ মার্চ ২০২০লৈ ১৫–২৪ বছৰৰ ভিতৰত হ’ব লাগিব৷ বয়সৰ ঊর্ধ্বসীমাত সংৰক্ষিত শ্রেণীৰ প্রার্থীয়ে ৰেহাই লাভ কৰিব৷ আবেদন মাচুল হিচাপে ১০০ টকা ৰে’লৱে ৰিক্রুইটমেণ্ট ব’ডৰ হকে পৰিশোধ কৰিব লাগিব৷ অৱশ্যে এই মাচুল এছ চি, এছ টি, দিব্যাংগ আৰু মহিলা প্রার্থীয়ে পৰিশোধ কৰিব নালাগে৷ আগ্রহীসকলে বিজ্ঞাপন বিষয়ক বিতং তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া অন্যান্য চর্তাৱলীৰ লগতে অনলাইনযোগে আবেদন দাখিল কৰিবলৈ বিভাগীয় ৱেবছাইটwww.rrcer.com লগ–ইন কৰিব পাৰে৷ আবেদন দাখিলৰ প্রক্রিয়া অহা ৫ মার্চৰ পৰা ৪ এপ্রিল ২০২০লৈ অব্যাহত থাকিব৷

You might also like